পুৰুলিয়াত পথ দুৰ্ঘটনাত নিহত ৯ জন
পুৰুলিয়া, ২০ জুন (হি.স.)। পশ্চিম বংগৰ পুৰুলীয়াৰ বলৰামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নামশ্বোল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনা সংঘটিত হৈছে জামছেদপুৰ-পুৰুলিয়া ১৮ নং ৰাষ্ট্ৰীয় ঘাইপথ । আৰক্ষীয
पुरुलिया में सड़क हादसा, नौ की मौत


পুৰুলিয়া, ২০ জুন (হি.স.)। পশ্চিম বংগৰ পুৰুলীয়াৰ বলৰামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নামশ্বোল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনা সংঘটিত হৈছে জামছেদপুৰ-পুৰুলিয়া ১৮ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

আৰক্ষীয়ে জনোৱা মতে, বলৰামপুৰৰ পৰা অহা ট্ৰেইলাৰ আৰু বিপৰীত দিশৰ পৰা অহা বলেৰ’ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। ইয়াৰ বাবে দুয়োখন বাহন বাগৰি পৰে। স্থানীয় ৰাইজ আৰু বলৰামপুৰ আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত থকা ৯ জন লোকক বলেৰোৰ পৰা উলিয়াই আনি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। ডাক্তৰে সকলোকে মৃত বুলি ঘোষণা কৰিলে। আটাইকেইজনেই ঝাৰখণ্ডৰ নিমদি অঞ্চলৰ বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰেইলাৰখনৰ চালক আৰু সহায়কজনে স্থানৰ পৰা পলায়ন কৰে। জানিব পৰামতে ঝাৰখণ্ডৰ নিমদি অঞ্চলৰ পৰা পুৰুলিয়ালৈ আহিছিল বলেৰ’ত থকা লোকসকলে বিবাহ অনুষ্ঠানত অংশ ল’বলৈ। অনুষ্ঠানৰ অন্তত নিমদিলৈ উভতি আহিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande