নেপালে চীনক গতাই দিব নিজৰ মিথেন গেছৰ ভাণ্ডাৰ
কাঠমাণ্ডু, ২০ জুন (হি.স.)। নেপালে নিজৰ মিথেন গেছৰ ভাণ্ডাৰ চীনক গতাই দিবলৈ ওলাইছে। দৈলেখ গাঁৱৰ এই ভাণ্ডাৰৰ তথ্য চীনৰ অৰ্থনৈতিক আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে লাভ কৰা হৈছিল। উদ্যোগ, বাণিজ্য আৰু যোগান মন্ত্ৰী দামোদৰ ভাণ্ডাৰীয়ে কয় যে ইয়াৰ উৎপাদনৰ বাবে
नेपाल में मिला प्राकृतिक गैस भंडार


কাঠমাণ্ডু, ২০ জুন (হি.স.)। নেপালে নিজৰ মিথেন গেছৰ ভাণ্ডাৰ চীনক গতাই দিবলৈ ওলাইছে। দৈলেখ গাঁৱৰ এই ভাণ্ডাৰৰ তথ্য চীনৰ অৰ্থনৈতিক আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে লাভ কৰা হৈছিল। উদ্যোগ, বাণিজ্য আৰু যোগান মন্ত্ৰী দামোদৰ ভাণ্ডাৰীয়ে কয় যে ইয়াৰ উৎপাদনৰ বাবে আজি চীন চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব।

তেওঁ কয় যে নেপাল চৰকাৰে নিজাববীয়াকৈ ইয়াক উৎপাদন কৰিব নোৱাৰে। সেয়ে এই প্ৰকল্পটো চীনক গতাই দিয়াৰ ব্য়ৱস্থা কৰা হৈছে। ভাণ্ডাৰীয়ে কয় যে দৈলেখত দুবছৰ পূৰ্বে আৰম্ভ কৰা এই অনুসন্ধানত চাৰিটা বৃহৎ ঠাইত প্ৰাকৃতিক গেছৰ আৱিষ্কাৰ হৈছিল। ইয়াত মাত্ৰ এটা ঠাইত ১১২ বিলিয়ন ঘনমিটাৰ মিথেন গেছ থকাটো নিশ্চিত হৈছে। অনুমান কৰা হৈছে যে এই চাৰিটা স্থানত প্ৰায় ৪৩০ বিলিয়ন ঘনমিটাৰ গেছৰ মজুত থাকিব পাৰে।

নেপাল চৰকাৰে ২০১৬ চনত চীনৰ সৈতে এই জিলাত পেট্ৰলিয়াম সামগ্ৰীৰ সম্ভাৱনীয়তা সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰিছিল। ২০১৯ চনত চীনৰ আৰ্থিক আৰু কাৰিকৰী সহায়ত পেট্ৰলিয়ামৰ সম্ভাৱনা থকা ঠাইত খননৰ কাম আৰম্ভ কৰাৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰিত হয়।

ভৌগোলিক অধ্যয়ন প্ৰথমে চীনৰ চৰকাৰী কোম্পানী চাইনা জিঅ’লজিকেল চাৰ্ভেই কৰিছিল। ইয়াৰ পিছতে চৰকাৰে চীনৰ চীন নেশ্যনেল পেট্ৰলিয়াম কৰ্প’ৰেশ্যনক খনন কামত নিয়োজিত কৰে। যোৱা বছৰ ২০২৪ চনৰ মাৰ্চ মাহত ইয়াৰ খনন আৰম্ভ হৈছিল। ইয়াৰ বাবে চীনৰ পৰাই অনা হৈছিল কাৰিকৰী দল আৰু মেচিন। এবছৰ কষ্টৰ অন্তত গম পোৱা গ’ল বৃহৎ পৰিমাণৰ গেছৰ ভাণ্ডাৰৰ কথা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande