ইৰাণত আই আৰ জি চিৰ চোৰাংচোৱা সংস্থাৰ নতুন মুৰব্বী নিযুক্ত ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদেমী
তেহৰাণ, ২০ জুন (হি.স.)। ইৰাণৰ ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদেমীক ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ চোৰাংচোৱা সংগঠনৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে আই আৰ জি চিৰ মুখ্য অধিনায়ক ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ পাকপুৰ
ब्रिगेडियर जनरल माजिद खादेमी। फोटो-फाइल


তেহৰাণ, ২০ জুন (হি.স.)। ইৰাণৰ ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদেমীক ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ চোৰাংচোৱা সংগঠনৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে আই আৰ জি চিৰ মুখ্য অধিনায়ক ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ পাকপুৰে। তেওঁ কয় যে ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদেমীয়ে এতিয়া আই আৰ জি চিৰ চোৰাংচোৱা সংগঠনৰ নেতৃত্ব দিব। ইয়াৰ পূৰ্বে খাদেমীয়ে আই আৰ জি চিৰ নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেহৰাণ টাইমছৰ বাতৰি অনুসৰি আই আৰ জি চিৰ মুখ্য সেনাধ্যক্ষ ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ পাকপুৰে ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদেমীৰ হাতত নতুন দায়িত্ব অৰ্পণ কৰিছে। ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচন গাৰ্ডছ কৰ্পছৰ সৈতে জড়িত ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ‘তাছনিম নিউজ’ৰ বাতৰি অনুসৰি ইছলামিক ৰিভল্যুচনৰ নেতা আয়াতুল্লাহ ছায়েদ আলী খামেনেই ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ কাৰামীক ইছলামিক ৰিভল্যুচন গাৰ্ড কৰ্পছৰ গ্ৰাউণ্ড ফৰ্চৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়ে। ১৯ জুনত জাৰি কৰা আদেশত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আয়াতুল্লাহ খামেনেইয়ে আই আৰ জি চিৰ কমাণ্ডাৰ হিচাপে পদোন্নতি পোৱা মেজৰ জেনেৰেল মহম্মদ পাকপুৰৰ ঠাইত ব্ৰিগেডিয়াৰ জেনেৰেল কাৰামীক নিযুক্তি দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande