কাঠমাণ্ডু, ২০ জুন (হি.স.)। ভাৰতীয় দূতাবাসে শুকুৰবাৰে লুম্বিনি ডেভেলপমেণ্ট ট্ৰাষ্টৰ সহযোগত ভগৱান বুদ্ধৰ জন্মস্থান আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত লুম্বিনিত প্ৰতি বছৰৰ দৰেই যোগ প্ৰদৰ্শনৰ আয়োজন কৰে। লুম্বিনি প্ৰদেশৰ ৰাজ্যপাল কৃষ্ণ বাহাদুৰ ঘাটিয়ে ভাৰত আৰু নেপালৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাৰতীয় দূতাবাসক ধন্যবাদ জ্ঞাপন কৰে।
লুম্বিনি প্ৰদেশৰ ৰাজ্যপাল কৃষ্ণ বাহাদুৰ ঘাটি আৰু নেপালৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী তেজু লাল চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভগৱান বুদ্ধৰ পবিত্ৰ জন্মস্থানত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰি ভাৰত আৰু নেপালৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাৰতীয় দূতাবাসক ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত লুম্বিনি ডেভেলপমেণ্ট ট্ৰাষ্টৰ জ্যেষ্ঠ বিষয়া আৰু অঞ্চলটোৰ ৫০০ৰো অধিক যোগপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।
নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে আলোকপাত কৰে যে ভাৰতত উৎপত্তি হোৱা এক প্ৰাচীন প্ৰথা যোগে এক বিশ্বব্যাপী আন্দোলনলৈ বিকশিত হৈছে। তেওঁ কয় যে বহুলভাৱে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক হিচাপে গণ্য কৰা লুম্বিনিয়ে যোগৰ কালজয়ী মূল্যবোধক উদযাপনৰ বাবে সঁচাকৈয়ে এক উপযুক্ত পৰিৱেশ প্ৰদান কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে অনুষ্ঠানটোৰ আয়োজনত লুম্বিনি ডেভেলপমেণ্ট ট্ৰাষ্টে আগবঢ়োৱা সহায়ৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে লুম্বিনীক আধ্যাত্মিক আৰু ধৰ্মীয় গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰাত ইয়াৰ ভূমিকাক আলোকপাত কৰে।
ভাৰতীয় দূতাবাসৰ উদ্যোগত নেপালৰ বিভিন্ন চহৰত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে আয়োজন কৰা এক ধাৰাবাহিক অনুষ্ঠানৰ অংশ হিচাপে এই অনুষ্ঠানটো অনুষ্ঠিত হয়। ভাৰতীয় দূতাবাসে পোখাৰা মহানগৰৰ সহযোগত কাইলৈ পোখাৰা ৰঙাশালা ষ্টেডিয়ামত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে এক মেগা যোগ প্ৰদৰ্শনৰ আয়োজন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া