কাংকেৰ, ২০ জুন (হি.স.)। ছত্তীশগড় জিলাৰ কাংকেৰ ছোটেবেঠিয়া আৰক্ষী চকীৰ কোত্ৰী নদীৰ সিপাৰৰ গাঁও আমাতোলা আৰু কলপাৰৰ মাজত হোৱা জংঘল পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত এগৰাকী মহিলা নক্সালবাদী নিহত হয়। লগতে উদ্ধাৰ হৈছে মৃত নক্সালীগৰাকীৰ মৃতদেহ।
বাষ্টাৰ আই জি সুন্দৰৰাজ পি.য়ে এই এনকাউণ্টাৰ নিশ্চিত কৰে। ছোটেবেঠিয়া থানাৰ অন্তৰ্গত গাঁও আমাতোলা আৰু কালপাৰৰ মাজৰ জংঘল পাহাৰীয়া অঞ্চলত মাজে মাজে গুলীচালনা চলি থকা বুলিও তেওঁ জানিবলৈ দিয়ে। এগৰাকী মহিলা নক্সালবাদীক হত্যা কৰা হৈছে। অপাৰেচন সম্পূৰ্ণ হোৱাৰ পিছত বিতং তথ্য প্ৰকাশ কৰা হ’ব। জানিব পৰা মতে, অঞ্চলটোত নক্সালবাদীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ডি আৰ জি আৰু বি এছ এফৰ যুটীয়া আৰক্ষী দল এটাই তালাচীৰ বাবে ৰাওনা হৈছিল।
মন কৰিবলগীয়া যে শেহতীয়াকৈ চুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ অন্ধ্ৰ প্ৰদেশৰ মাৰ্ডেপল্লীৰ অৰণ্যত নক্সাল আৰু গ্ৰেহাউণ্ডছ ফৰ্চৰ মাজত মুখামুখি হৈছিল। জোৱানসকলে এটা ডাঙৰ নক্সাল কেডাৰকে ধৰি ৩ জন নক্সালবাদীক হত্যা কৰে। এই এনকাউণ্টাৰত নক্সাল সেনাপতি গজৰ্লা ওৰফে উদয় আৰু গৰিয়াবন্দত নিহত ভয়ংকৰ নক্সাল চলপতিৰ পত্নী ভি আৰ এল চৈতন্য ওৰফে অৰুণা সংঘৰ্ষত নিহত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া