গহপুৰৰ নিগমত দুই গভাইত চোৰ আটক
বিশ্বনাথ, ১৯ জুন (হি.স.)। বিশ্বনাথৰ গহপুৰৰ নিগমত দুই গভাইত চোৰ আটক কৰা হৈছে। আটকাধীন দুই চোৰৰ নাম বকুল দাস আৰু হিৰণ্য দাস বুলি জানিব পৰা গৈছে । পুৱতি নিশা চাৰিটাকৈ গৰু চোৰ কৰি নিগম মাজ লাইনত এএছ ০৫এচি ৬৬০৬ নম্বৰৰ বলেঅ'' পিক আপ ভানত উঠাবলৈ ধৰোতে ৰাই
গহপুৰৰ নিগমত দুই গভাইত চোৰ আটক


বিশ্বনাথ, ১৯ জুন (হি.স.)। বিশ্বনাথৰ গহপুৰৰ নিগমত দুই গভাইত চোৰ আটক কৰা হৈছে। আটকাধীন দুই চোৰৰ নাম বকুল দাস আৰু হিৰণ্য দাস বুলি জানিব পৰা গৈছে । পুৱতি নিশা চাৰিটাকৈ গৰু চোৰ কৰি নিগম মাজ লাইনত এএছ ০৫এচি ৬৬০৬ নম্বৰৰ বলেঅ' পিক আপ ভানত উঠাবলৈ ধৰোতে ৰাইজে হাতে লোটে ধৰি হাৱাজান আৰক্ষী চকীৰ আৰক্ষীৰ হাতত গতাই দিছে।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধৃত চোৰ কেইটাই একাংশ অৰুণাচলী গৰু চোৰৰ লগত লগ লাগি চুৰি কাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande