লণ্ডন, ১০ জুন (হি.স.)। সত্তৰৰ পৰা আশীৰ দশকৰ মাজৰ ৰহস্য আৰু দুঃসাহসিকতাৰ জগতখনত সৰ্বাধিক পঢ়া অনুসন্ধান উপন্যাস ‘দ্য ডে অৱ দ্য জেকেল’ৰ লেখক ফ্ৰেডেৰিক ফৰচাইথৰ সোমবাৰে ৮৬ বছৰ বয়সত মৃত্যু হয়। ব্ৰিটিছ লেখক ফৰচাইথ এজন উৎকৃষ্ট সামৰিক পাইলটৰো আছিল। ঋণ পৰিশোধ কৰিবলৈ তেওঁ লিখনি বাছি লৈছিল। ফ্ৰেডেৰিক ফৰচাইথে ২৫খনতকৈও অধিক উপন্যাস ৰচনা কৰিছিল। এই উপন্যাসসমূহৰ ৭ কোটি কপি বিশ্বজুৰি বিক্ৰী হৈছিল।
বিবিচিৰ বাতৰি অনুসৰি তেওঁৰ মুখপাত্ৰ জনাথন লয়ডে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁ কয় যে গোপনীয় উপন্যাস ‘দ্য ডে অৱ দ্য জেকেল’ৰ উপৰিও ফৰচাইথৰ ‘দ্য অডেছা ফাইলছ’ আৰু ‘দ্য ডগছ অৱ ৱাৰ’ইও পাঠকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল। তেওঁৰ প্ৰকাশক বিল স্কট-কেৰে কয়, তেওঁক সমগ্ৰ বিশ্বতে পঢ়া হৈছিল। তেওঁৰ সমসাময়িকসকলেও তেওঁৰ লেখা শৈলীক প্ৰশংসা কৰিছিল। তেওঁ এৰি থৈ গৈছে এক অনন্য উত্তৰাধিকাৰ। তেওঁ সদায় নিজৰ উপন্যাসত জীয়াই থাকিব।''
বিবিচিৰ মতে, ১৯৩৮ চনত কেণ্টত জন্মগ্ৰহণ কৰা ফৰচাইথে ১৮ বছৰ বয়সত আৰ এ এফত যোগদান কৰে।তাৰ পিছত তেওঁ বিবিচি আৰু ৰয়টাৰৰ যুদ্ধ সংবাদদাতা হয়। ২০১৫ চনত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ ব্ৰিটিছ চোৰাংচোৱা সংস্থা এম আই-৬তো ২০ বছৰতকৈ অধিক সময় কাম কৰিছিল।
তেওঁৰ উপন্যাসসমূহৰ বহু কাল্পনিক কাহিনীভাগ তেওঁৰ বাস্তৱ জীৱনৰ সমগ্ৰ বিশ্বৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত আছিল। ১৯৭১ চনত নিবনুৱা অৱস্থাত তেওঁৰ প্ৰথম উপন্যাস ‘দ্য ডে অৱ দ্য জেকেল’ ৰচনা কৰিছিল।
ইয়াৰ সফলতাৰ ওপৰত তেওঁ কয়- ''মই ধনহীন আছিলো। মই ঋণী হৈ পৰিছিলো। মোৰ ফ্লেট নাছিল। মোৰ গাড়ী নাছিল। মোৰ একো নাছিল। আৰু মই ভাবিলোঁ- এই গাঁতৰ পৰা নিজকে কেনেকৈ উলিয়াই আনিম? মই হয়তো আটাইতকৈ অদ্ভুত সমাধান বিচাৰি পালোঁ- উপন্যাস এখন লিখা।'' দুবছৰৰ পিছত ১৯৭৩ চনত দ্য ডে অৱ দ্য জেকেলৰ ওপৰত ভিত্তি কৰি ছবি নিৰ্মাণ কৰা হয়। এডৱাৰ্ড ফক্সে জেকেলৰ চৰিত্ৰত অভিনয় কৰে। যোৱা বছৰ এডি ৰেডমেইনে উপন্যাসখন টিভি ধাৰাবাহিকলৈ ৰূপান্তৰিত কৰিছিল।
তেওঁৰ মুখপাত্ৰ লয়ডে এক বিবৃতিত কয় যে ফৰচাইথ কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। সোমবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। লয়ডে কয় যে আমি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ থ্ৰিলাৰ লেখকৰ মৃত্যুত শোক প্ৰকাশ কৰিছো। তেওঁ এজন সফল যুদ্ধ সংবাদদাতা, জাৰ্মান, ফৰাচী আৰু ৰাছিয়ান ভাষাত সাৱলীল আৰু বিয়াফ্ৰাত বিদেশী সংবাদদাতা হৈছিল। তেওঁ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টো আছিল।
তেওঁৰ প্ৰকাশক স্কট-কেৰে কয় যে ফৰচাইথৰ সৈতে কাম কৰাটো “মোৰ পেছাদাৰী জীৱনৰ অন্যতম আনন্দ”। তেওঁ লগতে কয় যে তেওঁৰ উজ্জ্বল কাহিনীভাগ আৰু ধাৰণাসমূহৰ প্ৰবাহৰ বাহিৰেও তেওঁ আছিল এজন সম্পাদকে আশা কৰিব পৰা আটাইতকৈ পেছাদাৰী লেখক।
ফৰচাইথৰ বন্ধু গায়িকা ইলেইন পেইজে এক্সত লিখিছে, ফৰচাইথৰ মৃত্যুৰ খবৰ পাই মই দুখী হৈছো। ঠাই, দুৰ্গ আৰু ভূগোলৰ বিষয়ে তেওঁৰ শৈক্ষিক জ্ঞান অতুলনীয় আছিল। বহু কাৰণত তেওঁক বহুত মিছ কৰা হ'ব। ইংৰাজ সুৰকাৰ এণ্ড্ৰু লয়ড ৱেবাৰে কয়, তেওঁ সঁচাকৈয়ে ৰোমাঞ্চ আৰু দুঃসাহসিক কৰ্ম বুজি পাইছিল। ধন্যবাদ ফ্ৰেডেৰিক, আপোনাৰ সন্মানত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জীয়াই থাকিব পৰা কাহিনী সৃষ্টি কৰাৰ বাবে।
কনজাৰ্ভেটিভ সাংসদ ছাৰ ডেভিদ ডেভিছে কয় যে তেওঁৰ মহান বন্ধু ফৰচাইথ এজন আচৰিত মানুহ আৰু এজন মেধাৱী শব্দৰ শিল্পী। তেওঁ স্কাই নিউজক কয় যে, তেওঁ পুৰণি মূল্যবোধত অতিশয় বিশ্বাস কৰিছিল। তেওঁ সন্মান, দেশপ্ৰেম, সাহস, পোনপটীয়া আৰু সৰলতাত বিশ্বাস কৰিছিল। তেওঁ আমাৰ সশস্ত্ৰ বাহিনীৰ এজন মহান ৰক্ষক আছিল। তেওঁৰ প্ৰথম পত্নী কেৰল কানিংহামৰ পৰা দুজন পুত্ৰ আছে। যোৱা বছৰৰ অক্টোবৰ মাহত তেওঁৰ দ্বিতীয় পত্নী ছেণ্ডী মলয়ৰ মৃত্যু হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া