আই এ ই এৰ মুৰব্বীৰ সতৰ্কবাণী - ইজৰাইলৰ আক্ৰমণে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে উচতাব পাৰে
ভিয়েনা/তেহৰাণ, ১০ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ সঞ্চালক প্ৰধান ৰাফেল মাৰিয়ানো গ্ৰ’ছিয়ে কয় যে যদি ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰে তেন্তে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ সিদ্ধান্ত ল’ব পাৰে বা পাৰমাণৱিক অপ
আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ সঞ্চালক প্ৰধান ৰাফেল মাৰিয়ানো গ্ৰ’ছি


ভিয়েনা/তেহৰাণ, ১০ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ সঞ্চালক প্ৰধান ৰাফেল মাৰিয়ানো গ্ৰ’ছিয়ে কয় যে যদি ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰে তেন্তে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ সিদ্ধান্ত ল’ব পাৰে বা পাৰমাণৱিক অপ্ৰসাৰণ চুক্তিৰ পৰা ওলাই আহিব পাৰে। সোমবাৰে সন্ধিয়া স্থানীয় এটা মিডিয়া চেনেলৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত গ্ৰ’ছিয়ে এই মন্তব্য কৰে।

গ্ৰ’ছিয়ে কয় যে যদি ইজৰাইলে এনে আক্ৰমণ কৰে, তেন্তে ইৰাণক নিৰ্ণায়কভাৱে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দিশত আগুৱাই নিব পাৰে বা পাৰমাণৱিক অস্ত্ৰ অপ্ৰসাৰণ চুক্তিৰ পৰা ওলাই আহিব পাৰে। মই এই কথা কৈছো কাৰণ ইৰাণৰ বিষয়াসকলে মোক এই কথা পোনপটীয়াকৈ জনাইছে।

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্ত পেলোৱাটো সহজ নহ’ব বুলিও স্বীকাৰ কৰে আই এ ই এৰ মুৰব্বীগৰাকীয়ে। তেওঁ কয়, এই কাৰ্যসূচী অতি বিশদ আৰু গভীৰ। আৰু যেতিয়া মই 'গভীৰ' বুলি কওঁ, তেতিয়া মই বুজাব বিচাৰিছো যে এই সুবিধাসমূহ অত্যন্ত ভালদৰে পহৰা দিয়া হৈছে। ইয়াক প্ৰভাৱিত কৰিবলৈ অতি ধ্বংসাত্মক শক্তিৰ প্ৰয়োজন হ'ব।

তেওঁ লগতে প্ৰকাশ কৰে যে ইৰাণৰ হাতত বৰ্তমান যথেষ্ট পৰিমাণৰ সমৃদ্ধ ইউৰেনিয়াম আছে যাৰ ফলত কেইবাটাও পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা যায়। তেওঁ কয় যে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰু স্বচ্ছতা প্ৰয়োজনীয়। তেওঁ আৰু কয় যে আমি কি কৰি আছো জানো। আমি একো লুকুৱাই ৰখাৰ পক্ষত নহয়। স্বচ্ছতা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু আমি সত্যৰ ওচৰলৈ যাব বিচাৰো।

অৱশ্যে ইউৰেনিয়াম সমৃদ্ধিৰ ক্ষেত্ৰত ইৰাণ আৰু আমেৰিকাৰ মাজত চুক্তি সম্ভৱ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয়, ‘মই ভাবো যে চুক্তিৰ সম্ভাৱনা এতিয়াও সজীৱ হৈ আছে, আৰু আমেৰিকাই বৰ্তমান তেহৰাণৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে।’

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande