
নিকোচিয়া, ০৩ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে চাইপ্ৰাছৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে ফ্ৰান্সে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়া ঘটনাৰ পিছত ফ্ৰান্সে এণ্টি মিছাইল আৰু এণ্টি ড্ৰ’ন ব্যৱস্থাৰে সজ্জিত এখন যুদ্ধজাহাজ চাইপ্ৰাছলৈ প্ৰেৰণ কৰিব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে হোৱা কথা-বতৰাৰ পিছত মঙলবাৰে এই কথা নিশ্চিত কৰে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে।
চাইপ্ৰ’ছৰ ৰাজ্যিক সংবাদ সংস্থা চি এন এয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে দুয়োগৰাকী নেতাৰ মাজত দুটা ফোন কথা-বতৰা হৈছিল, য’ত ক্রিষ্টোডুলিডেছে নিৰাপত্তাৰক্ষীৰ সহায় বিচাৰিছিল৷ চাইপ্ৰাছৰ সামৰিক ক্ষমতা শক্তিশালী কৰিবলৈ ফ্ৰান্সে এণ্টি মিছাইল আৰু এণ্টি ড্ৰ’ন ব্যৱস্থাৰ লগতে এখন যুদ্ধজাহাজ প্ৰেৰণ কৰিব। দ্বিতীয়খন যুদ্ধ জাহাজৰো পৰিকল্পনা কৰা হৈছে।
ইফালে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে জার্মান চ্যান্সেলৰ ফ্রেড্রিখ মের্জকো জার্মান যুদ্ধজাহাজ নিয়োগ কৰিবলৈ অনুৰোধ জনায়৷ ইয়াৰ প্ৰতি মেৰ্জে ইতিবাচক সঁহাৰি জনাইছে আৰু জাৰ্মান চৰকাৰৰ পৰা অতি সোনকালে আনুষ্ঠানিক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে সোমবাৰে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ অনুৰোধৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে সামৰিক সঁজুলি সন্দৰ্ভত দুবাৰকৈ ফোনযোগে কথা পাতিছিল।
আনহাতে, বিশেষজ্ঞসকলৰ মতে, পূব ভূমধ্যসাগৰীয় অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ফ্ৰান্স আৰু জাৰ্মানীৰ সক্ৰিয় অংশগ্ৰহণে চাইপ্ৰাছৰ কৌশলগত অৱস্থান আৰু আঞ্চলিক ভাৰসাম্যত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া