ৰাজস্থানৰ টংকৰ বানাছ নদীত ডুবি ৮ জন লোকৰ মৃত্যু, উদ্ধাৰ হ’ল তিনিজন যুৱক
টংক, ১০ জুন (হি.স.)। ৰাজস্থানৰ টংক জিলাৰ সদৰ থানা এলেকাৰ পুৰণি বানাছ কালভাৰ্টৰ সমীপত বানাছ নদীত গা ধুবলৈ যোৱা আঠজন যুৱকৰ ডুব গৈ মৃত্যু হয়। এই আটাইকেইজন যুৱক জয়পুৰৰ হাছানপুৰা অঞ্চলৰ বাসিন্দা আছিল আৰু পিকনিকৰ বাবে বানাছ নদীত উপস্থিত হৈছিল। মঙলবাৰে বি
टोंक की बनास नदी में डूबने से आठ लोगों की मौत


টংক, ১০ জুন (হি.স.)। ৰাজস্থানৰ টংক জিলাৰ সদৰ থানা এলেকাৰ পুৰণি বানাছ কালভাৰ্টৰ সমীপত বানাছ নদীত গা ধুবলৈ যোৱা আঠজন যুৱকৰ ডুব গৈ মৃত্যু হয়। এই আটাইকেইজন যুৱক জয়পুৰৰ হাছানপুৰা অঞ্চলৰ বাসিন্দা আছিল আৰু পিকনিকৰ বাবে বানাছ নদীত উপস্থিত হৈছিল। মঙলবাৰে বিয়লি প্ৰায় ১.৩০ বজাত ১১ জনীয়া যুৱকৰ এটা দলে নদীত গা ধুবলৈ গৈছিল। মুখ্যমন্ত্রী ভজনলাল শর্মা আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী শচীন পাইলটে এই দুর্ঘটনাক লৈ শোক প্রকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্রকাশ কৰিছে৷

সেই স্থানত উপস্থিত থকা লোকসকলে জনোৱা মতে, নদীত গা ধুই থকাৰ সময়তে একাংশ যুৱকে ডুব যাবলৈ ধৰে আৰু তেওঁলোকক বচাবলৈ বাকী বন্ধুসকলেও নদীত জপিয়াই পৰে, যাৰ বাবে সকলোৱে ডুব যায়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহায়ত ৮টা মৃতদেহ নদীৰ পৰা উলিয়াই অনা হয়। মৃতকৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। আৰক্ষী অধীক্ষক বিকাশ সাংৱানে জনোৱা মতে, সদৰ থানা এলেকাৰ পুৰণি বানাছ কালভাৰ্টৰ কচ্চা বান্ধত সংঘটিত হয় এই দুৰ্ঘটনা। ১১ জন যুৱক নদীত উটি গৈছিল, ৮ জনৰ মৃত্যু হোৱাৰ লগতে তিনিজনক উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু সেই স্থানত উপস্থিত হয়, যাৰ ফলত তিনিজন যুৱকক উদ্ধাৰ কৰা হয়। আটাইকেইটা মৃতদেহ টংকৰ সাদাত হাস্পতালত ৰখা হৈছে, য’ত বিপুল জনসমাগম হৈছে। চিকিৎসালয়ত মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জয়পুৰৰ কালেক্টৰ ডাঃ জিতেন্দ্ৰ কুমাৰ শোণীয়ে টংকলৈ ৰাওনা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande