ফোৰ নেচন টুৰ্ণামেণ্টঃ ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ উৰুগুৱেক শ্বুটআউটত পৰাজিত
নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে আৰ্জেণ্টিনাৰ ৰ’জাৰিয়াত অনুষ্ঠিত চাৰিখন দেশৰ প্ৰতিযোগিতাখনৰ পঞ্চমখন খেলত ৰেগুলেশ্যন টাইমত ২-২ গ’লত ড্ৰ’ হোৱাৰ পাছত উৰুগুৱেৰ বিৰুদ্ধে শ্বুটআউটত ৩-১ গ’লত জয়লাভ কৰে । খেলখনত ভাৰতৰ উপ-অধিনায়
हॉकी इंडिया लोगो


নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে আৰ্জেণ্টিনাৰ ৰ’জাৰিয়াত অনুষ্ঠিত চাৰিখন দেশৰ প্ৰতিযোগিতাখনৰ পঞ্চমখন খেলত ৰেগুলেশ্যন টাইমত ২-২ গ’লত ড্ৰ’ হোৱাৰ পাছত উৰুগুৱেৰ বিৰুদ্ধে শ্বুটআউটত ৩-১ গ’লত জয়লাভ কৰে । খেলখনত ভাৰতৰ উপ-অধিনায়ক হীনা (১০ মিনিট) আৰু লালৰিণপুইয়ে (২৪ মিনিট) গ’ল দিয়ে। একে সময়তে গীতা, কণিকা আৰু লালথানতালুগীয়ে শ্বুটআউটত লাভ কৰা সুযোগৰ মূলধন হিচাপে লৈ জয় নিশ্চিত কৰে।

ভাৰতীয় জুনিয়ৰ দলটোৱে খেলখনত শক্তিশালী আৰম্ভণি কৰে। প্ৰথমটো গ’ল ১০ মিনিটত উপ-অধিনায়ক হীনাই। ইয়াৰ পাছতে ২৪ মিনিটত লালৰিণপুইয়ে দুগুণ অগ্ৰগতি লাভ কৰাৰ লগতে হাফটাইমলৈকে ভাৰতে ২-০ গ’লত অগ্ৰগতি লাভ কৰে।

অৱশ্যে শেষৰ কোৱাৰ্টাৰত উৰুগুৱেই পুনৰ উভতি আহিছিল। ৫৪ মিনিটত দলীয় খেলুৱৈ ইনেছ ডি প’ছাডাছে গ’ল দিয়াৰ বিপৰীতে তিনি মিনিটৰ পাছত মিলাগ্ৰ’ছ চেগালে গ’ল দি ২-২ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পিছত শ্বুটআউটত মেচখনৰ ফলাফল নিৰ্ণয় কৰা হয়।

শ্বুটআউটত ভাৰতে নিজৰ স্থিৰতা বজাই ৰাখিছিল। ভাৰতীয় খেলুৱৈ গীতা, কণিকা আৰু লালথানথালাগীয়ে একেৰাহে তিনিটা গ’ল দিয়াৰ বিপৰীতে উৰুগুৱেৰ দলটোৱে মাত্ৰ এটা গ’লহে কৰিব পাৰিছিল ৷

এতিয়া ভাৰতীয় দলটোৱে পৰৱৰ্তী মেচখন আয়োজক আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande