ধুবুৰী, ০৯ মে’ (হি.স.): ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়ত গৌৰীপুৰত আটক কৰা হৈছে দুগৰাকী পাকিস্তান সমৰ্থন কাৰীক । পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক।
আটকাধীন দুই যুৱক ক্ৰমে গৌৰীপুৰ আমগঞ্জৰ আবু বিন মিৰাজ উদ্দিন শেখ আৰু গৌৰীপুৰ পূৱেৰ গাঁৱৰ আৰিফ ৰহমান। বৰ্তমানে যুৱক দুগৰাকীক গৌৰীপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ