জগদলপুৰ, ০৯ মে’ (হি.স.)। ছত্তিশগড়-তেলেংগানা ৰাজ্যত নক্সাল সংগঠনৰ তেলেংগানা কেডাৰৰ মুখপাত্ৰই ছমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰি এখন পুস্তিকা প্ৰকাশ কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্রী আৰু প্রাক্তন মুখ্যমন্ত্রীয়ে নক্সালবাদীৰ সৈতে আলোচনাত মিলিত হ’বলৈ শান্তি সমিতি গঠনৰ কথাও ব্যক্ত কৰিছে৷
নক্সালবাদী মুখপাত্ৰ জগনে ছমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰি এখন পুস্তিকা প্ৰকাশ কৰিছে। তেলেগু ভাষাত নক্সালবাদীয়ে জাৰি কৰা পুস্তিকাত লিখা আছে যে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও আৰু কবিতাইও শান্তি আলোচনাৰ উদ্যোগ লৈ ইয়াৰ বাবে এখন সমিতি গঠন কৰাটো নক্সালবাদীয়ে গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে।
এই পুস্তিকাত লিখা আছে যে ৰাজ্যৰ বহু বুদ্ধিজীৱী আৰু চেলিব্ৰিটিয়ে এই বিষয়ত প্ৰচাৰ চলাইছে। নক্সালবাদী মুখপাত্ৰগৰাকীয়ে কয় যে আলোচনা প্ৰক্ৰিয়াক ৰাজ্য তথা দেশত গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস হিচাপে বুজিব লাগে। এই প্ৰচেষ্টাসমূহক ইতিবাচক প্ৰভাৱ পেলাবলৈ তেওঁ ছমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে।
ইয়াত কোৱা হৈছে যে নক্সালবাদী কেন্দ্ৰীয় সমিতিৰ নেতা অভয়ে শান্তি আলোচনাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। এই সন্দৰ্ভত তেওঁ ২৮ মাৰ্চতেই কেন্দ্ৰীয় সমিতিৰ হৈ এক বিবৃতি প্ৰকাশ কৰিছিল। দণ্ডকাৰ্যৰ উত্তৰ-পশ্চিম মণ্ডলৰ বন্ধু ৰূপেশেও দুখন পমফ্লেট জাৰি কৰিছে। আমি আমাৰ পিএলজিক সশস্ত্ৰ ব্যৱস্থা বন্ধ কৰিবলৈ নিৰ্দেশ দিছো। এই পৰ্যন্ত নক্সালবাদীয়ে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে মুঠ চাৰিখন পুস্তিকা জাৰি কৰিছে। ইয়াৰ পূৰ্বে নক্সালবাদী কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অভয়ে দুবাৰকৈ আৰু নক্সালবাদী ডিকেএছজেডচিএম কেডাৰ ৰূপেশে দুবাৰকৈ পত্ৰ জাৰি কৰিছিল। এতিয়া এইখন জগনৰ ৫ম চিঠি, য’ত ছমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰাৰ কথা লিখা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া