গুৱাহাটী, ০৮ মে' (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ দলে চুৰি কাণ্ডৰ সৈতে জড়িত দুজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে বৃহস্পতিবাৰে জনোৱা মতে, বশিষ্ঠ থানাৰ ইজিপিডি দলে চুৰিৰ গোচৰত দুজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা ইমৰাণ জামাদাৰে দিয়া তথ্যৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰে।
ধৃত অভিযুক্ত দুজনৰ নাম বাক্সাৰ ছাদ্দাম আলী (২৪) আৰু ছয়গাঁৱৰ নূৰ মহম্মদ (২৩) । ধৃত অভিযুক্তৰ পৰা ৬জোৰ চুৰি সোণৰ কাণফুলি, ২ডাল ৰূপৰ চেইন, ২টা ৰূপৰ ব্ৰেচলেট, ২টা ৰূপৰ আঙঠি, ১টা সোণৰ নাক ফুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া