‘তনভি দ্য গ্ৰেট’ ছবিখনত ব্ৰিগেডিয়াৰ জোছিৰ চৰিত্ৰত অভিনয় কৰিব জেকী শ্ৰফ
শেহতীয়াকৈ বৰুণ ধাৱনৰ ছবি ‘বেবী জন’ত দেখা গৈছিল প্ৰবীণ অভিনেতা জেকী শ্ৰফক, য’ত বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হ’লেও তেওঁৰ অভিনয়ক সদায়ৰ দৰেই প্ৰশংসা কৰা হৈছিল। এতিয়া জেকীয়ে নতুন আৰু শক্তিশালী ভূমিকা লৈ ঘূৰি আহিছে। অনুপম খেৰ পৰিচালনা
तन्वी द ग्रेट


শেহতীয়াকৈ বৰুণ ধাৱনৰ ছবি ‘বেবী জন’ত দেখা গৈছিল প্ৰবীণ অভিনেতা জেকী শ্ৰফক, য’ত বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হ’লেও তেওঁৰ অভিনয়ক সদায়ৰ দৰেই প্ৰশংসা কৰা হৈছিল। এতিয়া জেকীয়ে নতুন আৰু শক্তিশালী ভূমিকা লৈ ঘূৰি আহিছে। অনুপম খেৰ পৰিচালনা কৰি থকা ‘তনৱী দ্য গ্ৰেট’ ছবিখনৰ অংশ হৈ পৰিছে তেওঁ। এই ছবিখনত তেওঁক ব্ৰিগেডিয়াৰ যোশীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ছচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰা ছবিখনৰ পৰা জেকী শ্ৰফৰ ফাৰ্ষ্ট লুকো প্ৰকাশ পাইছে।

অনুপম খেৰে জেকী শ্ৰফক ‘তনভি দ্য গ্ৰেট’ ছবিৰ দলত উষ্ম আদৰণি জনায়। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, জেকী শ্ৰফ মোৰ ভাইটি। আমি বহু ছবিত একেলগে কাম কৰিছো, আৰু আমি আত্মীয়ও। অতি কম সংখ্যকেহে জানে যে তেওঁৰ পত্নী আয়েছা শ্ৰফে যোৱা ৩০ বছৰ ধৰি মোৰ লগত ৰাখী বান্ধি ৰাখিছে। জেকীৰ সঁচাকৈয়ে সোণৰ হৃদয় আছে। 'প্ৰেম' তেওঁৰ আনটো নাম হ'ব পাৰে। অনুপম খেৰেও ইয়াৰ সৈতে এটা আমোদজনক উপাখ্যান শ্বেয়াৰ কৰিছিল।

অনুপমে আৰু লিখিছে, এদিন তেওঁ হঠাতে মোৰ ঘৰলৈ আহিছিল। সেই সময়ত মই মোৰ ছবিখনৰ কাষ্টিঙৰ কামত ব্যস্ত আছিলো। মই কিছুমান গীত ৰেকৰ্ডিং কৰিছিলোঁ, যিবোৰ মই তেওঁৰ বাবে বজাইছিলোঁ। গীতবোৰ শুনি কিছু সময় তেওঁ সম্পূৰ্ণ নিমাত হৈ আছিল। তাৰ পিছত হঠাতে তেওঁ মোক সাৱটি ধৰি ক'লে, 'মোৰ অবিহনে এই ছবিখন নিৰ্মাণ নকৰিবা'। মই জেকী শ্ৰফৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ নিস্বাৰ্থ বন্ধুত্ব আৰু তেওঁৰ উজ্জ্বল অভিনয়।

জেকী শ্ৰফৰ উপৰিও বোমন ইৰাণীক ‘তনভি দ্য গ্ৰেট’ ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱাৰ বিপৰীতে ছবিখনৰ মুখ্য অভিনেত্ৰী হ’ব শ্বুভাংগী।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande