দিল্লীত মহিলা মহা জনশুনানি আয়োজন, সমস্যাৰ পৰা পাব ক্ষীপ্ৰ সমাধান
নতুন দিল্লী, ০৪ মে’ (হি.স.)। ৰাষ্ট্ৰীয় মহিলা আয়োগে ৫ মে’ৰ পৰা ৯ মে’লৈ মহিলা মহা জনশুনানিৰ আয়োজন কৰিবলৈ ওলাইছে। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলৰ অভিযোগৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ সমাধান। জাসোলাত আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। আয়োগৰ অধ্যক্ষ বি
দিল্লীত মহিলা মহা জনশুনানি আয়োজন


নতুন দিল্লী, ০৪ মে’ (হি.স.)। ৰাষ্ট্ৰীয় মহিলা আয়োগে ৫ মে’ৰ পৰা ৯ মে’লৈ মহিলা মহা জনশুনানিৰ আয়োজন কৰিবলৈ ওলাইছে। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলৰ অভিযোগৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ সমাধান। জাসোলাত আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰ, বিভিন্ন বিভাগৰ সদস্য আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকিব মহা জনশুনানিত। ইয়াৰ ভিতৰত ইতিমধ্যে দিল্লীত পঞ্জীয়ন হোৱা অভিযোগৰ শুনানি অগ্ৰাধিকাৰ ভিত্তিত কৰা হ’ব। লগতে ৱাক-ইন অভিযোগকো সমানে অগ্ৰাধিকাৰ দিয়া হ’ব আৰু থিতাতে সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব।

এই কাৰ্যসূচীৰ প্ৰথম দিনাই বিশেষভাৱে উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। আয়োগৰ অধ্যক্ষই দিল্লীৰ সকলো মহিলাকে এই ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকে নিজৰ সমস্যাসমূহ পোনপটীয়াকৈ সংশ্লিষ্ট বিষয়াসকলৰ সন্মুখত ৰাখি সমাধান লাভ কৰিব পাৰে।

কাৰ্যসূচীৰ সময়ত অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সংবেদনশীলতা নিশ্চিত কৰা হ’ব। আয়োগৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মহিলাই নিজৰ মনৰ কথা ক’বলৈ সম্পূৰ্ণ সুযোগ লাভ কৰি সমাধান লাভ কৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande