চৰাইদেউ জিলাৰ শিঙৰিজান তেলবাৰী লাইনৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন
পৰিয়ালত হাহাকাৰঃ মূখ্যমন্ত্ৰীৰ সহায় বিচাৰি পৰিয়ালৰ আহবান ।
চৰাইদেউ জিলাৰ শিঙৰিজান তেলবাৰী লাইনৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন


চৰাইদেউ, ২০ মে’ (হি.স.): চৰাইদেউ জিলাৰ শিঙৰিজান তেলবাৰী লাইনৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হৈ পৰিছে। চৰাইদেউ জিলাৰ শিঙৰিজান তেলবাৰী লাইনৰ দৰিদ্ৰ বিভুল আলী নামৰ যুৱক জনে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাত্ৰা কৰে । ৭ মে’ তাৰিখে ডিব্ৰুগড়ৰ পৰা ৰেলেৰে যাত্ৰা কৰা যুৱক জন ভুৱেনেশ্বৰৰ কটক ৰে’ল ষ্টেচনত দুস্কৃতিকাৰীৰ কবলত পৰা বুলি পৰিয়ালৰ লোকক খৱৰ দিয়ে । ইয়াৰ পাছৰে পৰা যুৱক জনৰ সৈতে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ।

পৰিয়ালৰ লোকে আৰক্ষীক অবগত কৰিছে যদিও কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই । দৰিদ্ৰ পৰিয়ালটিয়ে যুৱক জনৰ উদ্ধাৰ বাবে মূখ্যমন্ত্ৰীৰ সহায় ভিক্ষা মাগিছে । যুৱক জনৰ কোনো সন্ধান নোপোৱাত পত্নী তথা তিনি কন্যা সন্তান উদ্বিগ্ন হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande