এগৰাকী মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গুৱাহাটী, ১৭ মে’ (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি গুৱাহাটীৰ পান বজাৰ আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই এগৰাকী মহিলাকে ধৰি দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে। পাণবজাৰ আৰক্ষীয়ে পাণবজাৰৰ ২ নং ৰেলগেটত অভিযান চলাই ফকিৰ চান আলী (বিলাসীপাৰা, ধুবুৰী) ন
arrest


গুৱাহাটী, ১৭ মে’ (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি গুৱাহাটীৰ পান বজাৰ আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই এগৰাকী মহিলাকে ধৰি দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে।

পাণবজাৰ আৰক্ষীয়ে পাণবজাৰৰ ২ নং ৰেলগেটত অভিযান চলাই ফকিৰ চান আলী (বিলাসীপাৰা, ধুবুৰী) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে সন্দেহযুক্ত হেৰ’ইন পাউদাৰ থকা ১০টা প্লাষ্টিকৰ শিশি।

ইফালে, পাণবজাৰ আৰক্ষীয়ে ২ নম্বৰ ৰে’লৱে গেটৰ সমীপত পুনৰ অভিযান চলাই ভনগড়ৰ পৰা পূজা বৰ্মন (বিজয় বৰ্মনৰ পত্নী) নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত ১৮.৮৪ গ্ৰাম ওজনৰ হেৰ’ইন ভৰ্তি ১৪টা প্লাষ্টিকৰ পাত্ৰ উদ্ধাৰ। দুয়োটা গোচৰতে আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এফআইআৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande