যোৰহাট, ১৩ মে' (হি.স.)। মৰিয়নি সমষ্টিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোতৰ সফলতাৰ পিছতে সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
সাংসদ হৈয়ে গৌৰৱ গগৈ গণবিছিন্ন হৈ পৰাৰ বাবেই ৰাইজে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।মৰিয়নিত জয়লাভ কৰা পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধিৰ এক সম্বৰ্ধণা অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে নিজৰ গাৱৰ এগৰাকী ৱাৰ্ড মেম্বাৰকো জিকাব নোৱাৰিলে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু