ভাৰত-পাকিস্তানৰ সংঘাত ৰোধৰ কৰাৰ পুনৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে
নতুন দিল্লী, ১২ মে’ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে পুনৰবাৰ দাবী কৰে যে তেওঁৰ এই প্ৰচেষ্টাৰ ফলত ভাৰত আৰু পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ বাবে চুক্তি হয়। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে দাবী কৰে যে তেওঁ তেনে কৰি
Another harsh decision by Trump Order to fire all Biden-era lawyers


নতুন দিল্লী, ১২ মে’ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে পুনৰবাৰ দাবী কৰে যে তেওঁৰ এই প্ৰচেষ্টাৰ ফলত ভাৰত আৰু পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ বাবে চুক্তি হয়।

হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে দাবী কৰে যে তেওঁ তেনে কৰিবলৈ বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। বাণিজ্য ব্যৱহাৰ কৰাটো তেওঁৰ প্ৰশাসনৰ নীতিৰ এটা ডাঙৰ অংশ হৈ আহিছে।

ভাৰত আৰু পাকিস্তানৰ সৈতে বাণিজ্যৰ বিষয়ত আলোচনা কৰা বুলি ট্ৰাম্পে স্পষ্ট কৰি দিয়ে। মই কৈছিলো, আপুনি যদি সংঘাত বন্ধ কৰে তেন্তে আমি ব্যৱসায় কৰিম। আপুনি নকৰিলে আমি ব্যৱসায় নকৰো।

ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত আৰু পাকিস্তানী নেতাৰ নেতৃত্বৰ ক্ষমতাক প্ৰশংসা কৰে। তেওঁ কয় যে দুয়োখন দেশে পৰিস্থিতিৰ গুৰুত্ব বুজি পাই সহযোগিতা আগবঢ়াইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande