আমেৰিকা-চীনৰ বাণিজ্যিক আলোচনাত ‘উল্লেখযোগ্য অগ্ৰগতি’, বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ ক্ষেত্ৰত একমত
জেনেভা, ১২ মে’ (হি.স.)। আমেৰিকা আৰু চীনৰ মাজত চলি থকা বাণিজ্য যুদ্ধ হ্ৰাস কৰাৰ দিশত দুদিনীয়া আলোচনাৰ অন্তত ‘উল্লেখযোগ্য অগ্ৰগতি’ হৈছে। দেওবাৰে এই তথ্য প্ৰদান কৰে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে। অৱশ্যে চুক্তিখনৰ সবিশেষ তেওঁ শ্বেয়াৰ নকৰাত সোমবাৰ
আমেৰিকা আৰু চীন


জেনেভা, ১২ মে’ (হি.স.)। আমেৰিকা আৰু চীনৰ মাজত চলি থকা বাণিজ্য যুদ্ধ হ্ৰাস কৰাৰ দিশত দুদিনীয়া আলোচনাৰ অন্তত ‘উল্লেখযোগ্য অগ্ৰগতি’ হৈছে। দেওবাৰে এই তথ্য প্ৰদান কৰে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে। অৱশ্যে চুক্তিখনৰ সবিশেষ তেওঁ শ্বেয়াৰ নকৰাত সোমবাৰে ঘোষণা কৰা হ’ব বুলি কয়। তেওঁ নিশ্চিতভাৱে কয় যে দুয়োখন দেশৰ মাজত আৰোপ কৰা অত্যধিক শুল্ক হ্ৰাস কৰাৰ প্ৰয়োজন আছে, কিন্তু এই দিশত কোনো চুক্তি কৰা হৈছে নে নাই সেয়া স্পষ্ট কৰা নাছিল।

আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰে এই আলোচনাক “এটা সফল আৰু কাৰ্য্যকৰী চুক্তি” বুলি অভিহিত কৰে যিয়ে আমেৰিকাৰ ১.২ ট্ৰিলিয়ন ডলাৰৰ বিশ্ব বাণিজ্য ঘাটি হ্ৰাস কৰাত সহায় কৰিব। তেওঁ কয়, দুদিনীয়া আলোচনা অত্যন্ত গঠনমূলক আছিল। ইয়াৰ পৰা বুজা যায় যে আমেৰিকা আৰু চীনৰ মাজত মতানৈক্য আশা কৰা ধৰণে গুৰুতৰ নাছিল। চীনৰ আলোচনাপন্থীসকল অত্যন্ত “কঠোৰ দৰদামকাৰী” বুলিও তেওঁ স্বীকাৰ কৰে। চীনৰ উপ-প্ৰধানমন্ত্ৰী হে লিফং আৰু চীনৰ আন দুজন উপ-মন্ত্ৰীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে গ্ৰীৰে।

হোৱাইট হাউছৰ অৰ্থনৈতিক উপদেষ্টা কেভিন হেছেটেও কয় যে চীনে আমেৰিকাৰ সৈতে বাণিজ্যিক ভাৰসাম্য পুনৰুদ্ধাৰ কৰিবলৈ “অতি আগ্ৰহী” আৰু অনাগত দিনত আন দেশৰ সৈতে বাণিজ্যিক চুক্তিত উপনীত হ’ব পাৰে।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আলোচনাক “দুয়োখন দেশৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভণি” বুলি অভিহিত কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত তেওঁ লিখিছে, চীনৰ সৈতে অতি ভাল বৈঠক হৈছিল। বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল আৰু বহু কথাৰ সিদ্ধান্ত লোৱা হৈছিল। দুয়োখন দেশৰ বাবে এইটো এক বৃহৎ অগ্ৰগতি।

এই আলোচনা এনে সময়ত সংঘটিত হৈছে যেতিয়া আমেৰিকা আৰু চীনে ইজনে সিজনৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰিছে, যাৰ ফলত বিশ্বৰ বাণিজ্য আৰু বিনিয়োগত প্ৰভাৱ পৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande