নেপালত ৰাজতন্ত্ৰৰ সপক্ষে অনিৰ্দিষ্টকালীন আন্দোলনলৈ ৪০টাতকৈও অধিক সংগঠনৰ সমৰ্থন
কাঠমাণ্ডু, ১২ মে’ (হি.স.)। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি (ৰাপ্ৰপ)ৰ নেতৃত্বত যোৱা ২৯ মে’ৰ পৰা কাঠমাণ্ডুত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন আন্দোলনে ৪০টাতকৈও অধিক সংগঠনৰ সমৰ্থন লাভ কৰিছে। কাঠমাণ্ডুত অনুষ্ঠিত এক বৈঠকত আৰ পি পিৰ সভাপ
राजशाही के पक्ष में आंदोलन की घोषणा करते हुए


কাঠমাণ্ডু, ১২ মে’ (হি.স.)। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি (ৰাপ্ৰপ)ৰ নেতৃত্বত যোৱা ২৯ মে’ৰ পৰা কাঠমাণ্ডুত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন আন্দোলনে ৪০টাতকৈও অধিক সংগঠনৰ সমৰ্থন লাভ কৰিছে।

কাঠমাণ্ডুত অনুষ্ঠিত এক বৈঠকত আৰ পি পিৰ সভাপতি ৰাজেন্দ্ৰ লিংডেনৰ নেতৃত্বত যুটীয়া জন আন্দোলন সমিতিয়ে ঘোষণা কৰে যে ৪০টাতকৈও অধিক সংগঠনে ইয়াত অংশগ্ৰহণৰ বাবে পূৰ্ণ সমৰ্থন আৰু দায়বদ্ধতা প্ৰকাশ কৰিছে। বৈঠকৰ সময়ত লিংডেনে কয় যে এইবাৰ ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ নোহোৱাকৈ অনিৰ্দিষ্টকালীন আন্দোলনৰ অন্ত নপৰে।

তেওঁ কয় যে যিদিনা নেপালৰ নতুন সংবিধান জাৰি কৰা হৈছিল, সেইদিনা নেপালত ৰাজতন্ত্ৰৰ অন্ত পৰাৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল আৰু যিদিনা নেপালক গণৰাজ্য ঘোষণা কৰা হৈছিল, সেইদিনাৰ পৰাই ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে অনিৰ্দিষ্টকালীন আন্দোলন আৰম্ভ হৈছিল। ৰাজেন্দ্ৰ লিংডেনে কয় যে এইবাৰ কাঠমাণ্ডুৰ বাহিৰৰ লোককো এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ মাতি অনা হৈছে।

ৰাজতন্ত্ৰৰ দাবীৰে ৰাজনীতি কৰা কমল থাপাইও ইয়াত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। বহু বছৰ আৰ পি পিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে থকা আৰু পিছলৈ নিজাকৈ ৰাজনৈতিক দল গঠন কৰা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী থাপাই কাঠমাণ্ডুত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি এই আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰিও প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে গঠন কৰা যুটীয়া সংগ্ৰাম সমিতিৰ আহ্বায়ক নৱৰাজ সুবেদীয়েও ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ইয়াৰ উপৰিও বিশ্ব হিন্দু মহাসংঘ, শিৱসেনা নেপাল, হিন্দু সম্ৰাট সেনা, ওমকাৰ পাৰিৱৰ, সনাতন পৰিয়াল নেপাল আদি সংগঠনে আন্দোলনটোক পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande