প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাৰাষ্ট্ৰ দিৱসত ৰাজ্যবাসীক শুভেচ্ছা
নতুন দিল্লী, ০১ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাই কয় যে মহাৰাষ্ট্ৰই ভাৰতৰ উন্নয়নত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পৃথক পৃথক পোষ্টত কয়, ভাৰতৰ উন্নয়নত সদ
শ্ৰী আনন্দপুৰ ধামত সৎসংগত মোডী


নতুন দিল্লী, ০১ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাই কয় যে মহাৰাষ্ট্ৰই ভাৰতৰ উন্নয়নত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পৃথক পৃথক পোষ্টত কয়, ভাৰতৰ উন্নয়নত সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাজ্যখনৰ জনসাধাৰণক মহাৰাষ্ট্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। মহাৰাষ্ট্ৰৰ কথা ভাবিলেই ইয়াৰ গৌৰৱময় ইতিহাস আৰু জনসাধাৰণৰ সাহস আমাৰ মনলৈ আহে। ৰাজ্যখন প্ৰগতিৰ এক শক্তিশালী স্তম্ভ হৈয়েই আছে আৰু একে সময়তে ইয়াৰ শিপাৰ সৈতে সংযুক্ত হৈ আছে। ৰাজ্যখনৰ প্ৰগতিৰ বাবে মোৰ শুভেচ্ছা।

উল্লেখযোগ্য যে ১৯৬০ চনত বম্বে পুনৰ্গঠন আইনৰ অধীনত মহাৰাষ্ট্ৰ ৰাজ্য গঠনৰ স্মৃতিত প্ৰতি বছৰে ০১ মে’ত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। এই দিনটো মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়, কিয়নো এই দিৱসটো তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠাৰ স্মৃতি সোঁৱৰাই দিয়ে।

মহাৰাষ্ট্ৰ দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাৰাষ্ট্ৰৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শনৰ বাবে প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। মহাৰাষ্ট্ৰৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে মানুহক সজাগ কৰিবলৈ আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande