নতুন দিল্লী, ০১ মে’ (হি.স.)। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি)ৰ উদ্যোগত অহা ৩ মে’ত মুম্বাইত অনুষ্ঠিত হ’ব অষ্টম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ সন্মিলন। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰৰ জেচমিন হল-২ত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু প্ৰভাৱৰ জৰিয়তে ভাৰতৰ সামূহিক সংবাদ মাধ্যমৰ পৰিৱেশ শক্তিশালী কৰাৰ লক্ষ্যৰে বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন-২০২৫ (ৱেভছ)ৰ অধীনত এই সন্মানীয় অনুষ্ঠান আয়োজন কৰা হৈছে।
ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানে বৃহস্পতিবাৰে কয় যে এই সন্মিলনৰ মূল বৈশিষ্ট্য হ’ব দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটা বিতৰণ, য’ত ১২টা অসাধাৰণ কমিউনিটি ৰেডিঅ’ ষ্টেচনক সমাজলৈ আগবঢ়োৱা সেৱা আৰু উল্লেখযোগ্য অৱদানৰ বাবে সন্মান জনোৱা হ’ব। এই বঁটা প্ৰদান কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে। মন্ত্ৰালয়ৰ সম্পাদক সঞ্জয় জাজু আৰু যুটীয়া সম্পাদক চি চেন্থিল ৰাজনেও উপস্থিত থাকিব আৰু কমিউনিটি ৰেডিঅ’ৰ পৰিৱৰ্তিত ভূমিকা সম্পৰ্কে তেওঁলোকৰ মতামত ভাগ কৰিব। ইয়াৰ উপৰিও আই আই এম চিৰ উপাচাৰ্য ড° অনুপমা ভাটনগৰ, পঞ্জীয়ক ড° নিমিষ ৰুস্তাগী আৰু সন্মিলনৰ আহ্বায়ক অধ্যাপক (ড°) সংগীতা প্ৰণবেন্দ্ৰও এই কাৰ্যসূচীত উপস্থিত থাকিব।
এই সন্মিলনে সমগ্ৰ দেশৰ ৫৩০ টাতকৈও অধিক কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ প্ৰতিনিধিক এটা মঞ্চত একত্ৰিত কৰি আলোচনা আৰু সহযোগিতাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ উপৰিও ই কমিউনিটি ৰেডিঅ’ৰ বৈচিত্ৰ্য আৰু স্থানীয় কাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰিব। ৱেভছ-২০২৫ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ সন্মিলন সামাজিক পৰিৱৰ্তন আৰু স্থানীয় সবলীকৰণৰ ফলপ্ৰসূ মাধ্যম হিচাপে কমিউনিটি ৰেডিঅ’ৰ প্ৰসাৰ আৰু ফলপ্ৰসূতাক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া