নতুন দিল্লী, ০১ মে’ (হি.স.)। নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে তিনিটা নতুন পদক্ষেপ। ইয়াৰ অধীনত ইলেক্ট্ৰনিকভাৱে মৃত্যু পঞ্জীয়নৰ তথ্য লাভ কৰি ভোটাৰ তালিকা উন্নত কৰা হ’ব। দ্বিতীয়তে বুথ লেভেল অফিচাৰ (বিএও) সকলক ষ্টেণ্ডাৰ্ড ফটো পৰিচয় পত্ৰ দিয়া হ’ব। লগতে ভোটাৰ তথ্য স্লিপ অধিক ব্যৱহাৰকাৰী অনুকূল কৰি তোলা হ’ব, যাতে ভোটাৰসকলে অধিক তথ্য আৰু সুবিধা লাভ কৰিব পাৰে।
নিৰ্বাচন আয়োগে কয় যে এই তিনিটা নতুন পদক্ষেপ ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই নাগৰিকৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক স্বচ্ছ কৰি তোলাত সহায়ক হ’ব। চলিত বৰ্ষৰ মাৰ্চ মাহত নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত মুখ্য নিৰ্বাচনী বিষয়াৰ সন্মিলনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল।
প্ৰথম পদক্ষেপৰ অধীনত এতিয়া নিৰ্বাচন আয়োগে ভাৰতৰ মহাপঞ্জীয়কৰ পৰা মৃত্যু পঞ্জীয়নৰ তথ্য ইলেক্ট্ৰনিকভাৱে ্ে লাভ কৰিব। ইয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’) সকলক পঞ্জীয়নভুক্ত মৃত্যুৰ বিষয়ে সময়োপযোগী তথ্য লাভ কৰাৰ লগতে ভোটাৰ তালিকা আপডেট কৰা হ’ব। ইয়াৰ উপৰিও বুথ স্তৰৰ বিষয়াসকলক (বিএলঅ’) ক্ষেত্ৰ ভ্ৰমণৰ জৰিয়তে এই তথ্য ক্ৰছ-চেক কৰাত সহায় কৰিব।
দ্বিতীয়টো পদক্ষেপ হ’ব ভোটাৰ ইনফৰ্মেশ্যন স্লিপ (ভিআইএছ)ৰ ডিজাইন উন্নত কৰা। নতুন ডিজাইনৰ জৰিয়তে ভোটাৰৰ ক্ৰমিক নম্বৰ আৰু পাৰ্ট নম্বৰ অধিক স্পষ্টকৈ প্ৰদৰ্শিত হ’ব, যাৰ ফলত ভোটাৰসকলে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰাত সহজ হ’ব আৰু ভোটগ্ৰহণ বিষয়াসকলে নিৰ্বাচনী পঞ্জীত নাম বিচাৰিবলৈ সহজ হ’ব।
তৃতীয় পদক্ষেপ হিচাপে সকলো বিএলঅ’ক মানক ফটো পৰিচয় পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ দ্বাৰা নাগৰিকে বিএলঅ’সকলক চিনাক্ত কৰিব পাৰিব আৰু তেওঁলোকৰ সৈতে আত্মবিশ্বাসেৰে মত বিনিময় কৰিব পাৰিব। নিৰ্বাচন আয়োগে কয় যে ভোটাৰ পৰীক্ষণ আৰু পঞ্জীয়ন প্ৰচাৰৰ সময়ত বিএলঅ’ই প্ৰথম আন্তঃপৃষ্ঠ, গতিকে ইয়াক জনসাধাৰণৰ বাবে সহজে চিনি পোৱাটো গুৰুত্বপূৰ্ণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া