চৰকাৰে ২ টকা বৃদ্ধি কৰিলে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক, দাম বৃদ্ধি নোহোৱাৰ স্পষ্টীকৰণ
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে। চৰকাৰে কয় যে সমগ্ৰ বিশ্বতে তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই এনে হৈছে। ইয়াৰ ফলত গ্ৰাহকৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি নহ’ব। সোমবাৰে ৰাজহ ব
ইন্ধন


নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে। চৰকাৰে কয় যে সমগ্ৰ বিশ্বতে তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই এনে হৈছে। ইয়াৰ ফলত গ্ৰাহকৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি নহ’ব।

সোমবাৰে ৰাজহ বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছে। ইয়াৰ পিছত পেট্ৰলিয়াম মন্ত্ৰালয়ে স্পষ্টীকৰণ জাৰি কৰি কয় যে আজি প্ৰভাৱিত হোৱা আবকাৰী শুল্কৰ হাৰ বৃদ্ধিৰ পিছত পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি নহ’ব বুলি ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহক কোৱা হৈছে।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ২০২১ চনৰ পিছত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ মূল্য নিম্নতম স্তৰলৈ নামি আহিছে। আজি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬৪.০৫ ডলাৰ, আনহাতে ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬০.৫৭ ডলাৰ।

বৰ্তমান চৰকাৰে পেট্ৰ’লত প্ৰতি লিটাৰত ১৯.৯০ টকা আৰু ডিজেলত ১৫.৮০ টকা আবকাৰী শুল্ক সংগ্ৰহ কৰি আছে। এই বৃদ্ধিৰ পিছত পেট্ৰ’লৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ২১.৯০ টকা আৰু ডিজেলত ১৭.৮০ টকা হ’ব।

বৰ্তমান নতুন দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰ ৯৪.৭২ টকা, আনহাতে মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৪.২১ টকা। কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.৯৪ টকা আৰু চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০.৭৫ টকা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande