মুম্বাই, ০৮ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰৰ ভাছাইৰ বালিভ অঞ্চলত অৱস্থিত মহেশ এপাৰ্টমেণ্টৰ দুটা ফ্লেটত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১১ কোটি ৫৮ লাখ টকাৰ ড্ৰাগছ জব্দ কৰে। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাইজেৰিয়াৰ এজন নাগৰিকক। ৱালিভ থানাৰ দলটোৱে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।
মঙলবাৰে এই গোচৰৰ তদন্তকাৰী আৰক্ষী জোৱানসকলে জনোৱা মতে, ৱালিভ অঞ্চলত ড্ৰাগছ ৰখাৰ গোপনীয় তথ্য লাভ কৰা হৈছে। এই সন্দৰ্ভত সোমবাৰে মহেশ এপাৰ্টমেণ্টৰ তৃতীয় আৰু চতুৰ্থ মহলাত অৱস্থিত দুটা ফ্লেটত আৰক্ষীয়ে অভিযান চলাই বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ইয়াত উদ্ধাৰ হোৱা ড্ৰাগছৰ মূল্য ১১ কোটি ৫৮ লাখ টকা বুলি অনুমান কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, উদ্ধাৰ হোৱা ড্ৰাগছ পালঘৰ জিলাত বিক্ৰী কৰাৰ উদ্দেশ্যে অনা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া