ভাৰত-আমেৰিকাৰ উভচৰ অনুশীলন ‘টাইগাৰ ট্ৰাইম্ফ’ বিশাখাপট্টনমত আৰম্ভ
- দুয়োখন দেশৰ সেনাবাহিনীক উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাত সহায় কৰিব নতুন দিল্লী, ০৩ এপ্ৰিল (হি.স.)। বিশাখাপট্টনমত আৰম্ভ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক যৌথ উভচৰ (স্থল তথা জল) অনুশীলন ‘টাইগাৰ ট্ৰাইম্ফ’। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ জলাশ্বৱাত অ
विशाखापट्टनम में शुरू हुआ भारत-अमेरिका का जल-थल अभ्यास 'टाइगर ट्राइंफ'


- দুয়োখন দেশৰ সেনাবাহিনীক উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাত সহায় কৰিব

নতুন দিল্লী, ০৩ এপ্ৰিল (হি.স.)। বিশাখাপট্টনমত আৰম্ভ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক যৌথ উভচৰ (স্থল তথা জল) অনুশীলন ‘টাইগাৰ ট্ৰাইম্ফ’। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ জলাশ্বৱাত অনুষ্ঠিত হয় মুকলি সভা। এই অনুশীলনৰ লক্ষ্য হৈছে আমেৰিকা-ভাৰতৰ কৌশলগত সামুদ্ৰিক স্বাৰ্থ আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতা প্ৰদৰ্শন কৰা। এই অনুশীলনৰ লক্ষ্য হৈছে বৃহৎ পৰিসৰৰ সাহায্য আৰু উদ্ধাৰ অভিযান আৰু ডমেইনসমূহৰ মাজত যৌথ অভিযানৰ সময়ত পাৰস্পৰিক সহযোগিতাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰা।

অহা ০৭ এপ্ৰিললৈকে বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনৰ বন্দৰ পৰ্যায়ত বিভিন্ন পেছাদাৰী শাখাৰ প্ৰশিক্ষণ আৰু বিষয় বিশেষজ্ঞ বিনিময় (এছ এম ই ই) কাৰ্যসূচী, জৰুৰীকালীন চিকিৎসা সঁহাৰি পদ্ধতি আৰু আকাশ, সামুদ্ৰিক, চাইবাৰ আৰু মহাকাশ ডমেইনত কৌশল আদি গুৰুত্বপূৰ্ণ সামৰিক কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হ’ব। এই কাৰ্যসূচীসমূহে দুয়োখন দেশৰ সেনাই উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাত আৰু শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ উপৰিও ক্ৰীড়া অনুষ্ঠান আৰু সাংস্কৃতিক গুৰুত্বপূৰ্ণ স্থান ভ্ৰমণৰ সমন্বয়ৰ জৰিয়তে সমন্বয় বৃদ্ধি আৰু ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলা হ’ব। ০৮-১২ এপ্ৰিলৰ পৰা চলিব এই সাগৰীয় পৰ্যায়ৰ শিখৰত কাকিনাডাত উভচৰ অৱতৰণৰ পিছত যৌথ মানৱীয় সাহায্য আৰু চিকিৎসা সঁহাৰি শিবিৰ স্থাপন কৰা হ’ব।

ভাৰতীয় নৌসেনাৰ অংশগ্ৰহণকাৰী ইউনিটসমূহৰ ভিতৰত আছে লেণ্ডিং প্লেটফৰ্ম ডক আই এন এছ জলাশ্বোৱা, ইন্টিগ্ৰেল লেণ্ডিং ক্ৰাফ্ট এণ্ড হেলিকপ্টাৰ, দিল্লী ক্লাছৰ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ আই এন এছ মুম্বাই, মাগাৰ শ্ৰেণীৰ উভচৰ আক্ৰমণকাৰী জাহাজ, দীপক শ্ৰেণীৰ ফ্লীট টেংকাৰ আই এন এছ শক্তি আৰু পি-১৮ আই দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক গোপনীয়তা বিমান, এম এইচ-৬০আৰ হেলিকপ্টাৰ আৰু হক বিমান। ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিব এটা পদাতিক বেটেলিয়ন গ্ৰুপে, লগতে তিনিওখন সেৱাৰ মেকানাইজড বাহিনী আৰু বিশেষ একচন বাহিনী।

এই অনুশীলনত চাইবাৰ আৰু মহাকাশ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব। ভাৰতীয় বায়ুসেনাই চি-১৩০, মি-১৭ ভি৫ আৰু লগতে এয়াৰ পৰ্টেবল মেডিকেল ইকুইপমেণ্টৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। এই অনুশীলনত অংশগ্ৰহণ কৰা আমেৰিকাৰ টাস্ক ফ’ৰ্চৰ ভিতৰত থাকিব ১১ নং মেৰিন এক্সপেডিচনেৰী ইউনিট আৰু ১ম লাইট আৰ্মৰড ৰিকনেছান্স বেটেলিয়নৰ পৰা আমেৰিকাৰ মেৰিনে যাত্ৰা কৰা আমেৰিকাৰ নৌসেনাৰ হুইডবে দ্বীপ শ্ৰেণীৰ ডক লেণ্ডিং জাহাজ ইউ এছ এছ কমষ্টক (এল এছ ডি ৪৫)। লগতে অংশগ্ৰহণ কৰিব আৰ্লি বাৰ্ক শ্ৰেণীৰ গাইডেড মিছাইল ধ্বংসকাৰী ইউ এছ এছ ৰালফ জনছন আৰু নৌসেনাৰ পি-৮এ প’ছিডন বিমান। আমেৰিকান সেনাবাহিনীক প্ৰতিনিধিত্ব কৰিব এটা প্লাটুন, চিকিৎসা প্লাটুন, অসামৰিক-সামৰিক অভিযান কেন্দ্ৰ, আৰু মাল্টি-ডমেইন টাস্ক ফ’ৰ্চ যৌথ তথ্য প্ৰভাৱ ফিউজন চেলে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande