পেহেলগামৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে গোলোকগঞ্জত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ
সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
পেহেলগামৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে গোলোকগঞ্জত ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ


–হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ

ধুবুৰী, ২৬ এপ্ৰিল (হি.স.): কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে গোলোকগঞ্জত যোৱাকালি শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় বজৰং দলে প্ৰতিবাদী সমদল বাহিৰ কৰে। গোলকগঞ্জ বজাৰৰ মাজমজিয়াৰ শিৱ মন্দিৰৰ পৰা বজাৰৰ তিনিআলিলৈ বাহিৰ কৰা হয় এই প্ৰতিবাদী সমদল। এই সমদলে সন্ত্ৰাসবাদীৰ প্ৰতিমূৰ্তি দাহ কৰে। পাকিস্তান মুৰ্দাবাদ, ইচলামিক সন্ত্ৰাসবাদী মুৰ্দাবাদ ধ্বনি দি পাকিস্তানী সন্ত্ৰাসবাদীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰে ৰাষ্ট্ৰীয় বজৰং দলে।

পেহেলগাম হত্যাকাণ্ডত জড়িত প্ৰতিজন সন্ত্ৰাসবাদী-সহায়কাৰীক পৃথিৱীৰ যিকোনো স্থানৰ পৰা বিচাৰি কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী লৈ আহ্বান জনায় প্ৰতিবাদীসকলে। লগতে অসমত যাতে অনুৰূপ ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande