চাপৰৰ পালপাৰাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ
চাপৰৰ পালপাৰাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ।
চাপৰৰ পালপাৰাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ উত্তাল প্ৰতিবাদ


ধুবুৰী, ২৬ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ পালপাৰাত শুকুৰবাৰে সন্ধিয়া আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে। পাকিস্তানৰ পতাকা ভৰিৰে গচকি, জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

পাকিস্তান মুৰ্দাবাদ, পাকিস্তান গো বেগ ধ্বনিৰে উত্তাল কৰি তোলে। উল্লেখ্য যে কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ জীৱন কাঢ়ি নিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা জনায় সংগঠনটোৱে। সংগঠন টোৰ দাবী অতি সোনকালে সন্ত্ৰাসবাদী কেইটাক চিনাক্ত কৰি এনকাউণ্টাৰ কৰিব লাগে আৰু পাকিস্তানৰ লগত যুদ্ধ ঘোষণা কৰিব লাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande