ধুবুৰীত পোহনীয়া জীৱ-জন্তুৰ পৰা হ'ব লগীয়া ৰোগ সম্পৰ্কে সজাগতামূলক কৰ্মশালা
ধুবুৰীত পশুপালন বিভাগৰ উদ্যোগত পোহনীয়া জীৱ-জন্তুৰ পৰা হ'ব লগীয়া ৰোগ সম্পৰ্কে সজাগতামূলক কৰ্মশালা ।
ধুবুৰীত পোহনীয়া জীৱ-জন্তুৰ পৰা হ'ব লগীয়া ৰোগ সম্পৰ্কে সজাগতামূলক কৰ্মশালা


ধুবুৰী, ২৬ এপ্ৰিল (হি.স.): আজি বিশ্ব পশু চিকিৎসা দিৱস । সেই উপলক্ষে ধুবুৰীত পশুপালন বিভাগৰ উদ্যোগত পোহনীয়া জীৱ-জন্তুৰ পৰা হ'ব লগীয়া ৰোগ সম্পৰ্কে সজাগতামূলক কৰ্মশালা আয়োজন কৰা হয়। পোহনীয়া জীৱ-জন্তুৰ পৰা হ'ব পৰা ৰোগে মানুহৰ শৰীৰলৈ সোমালে পৰৱৰ্তীত ই কেনেদৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই সন্দৰ্ভত সজাগতা অনাৰ উদ্যেশ্যে আজি ধুবুৰী পশুপালন বিভাগৰ উদ্যোগত ধুবুৰী বি চি মেম'ৰিয়াল স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন সজাগতা মূলক কৰ্মশালাৰ আয়োজন কৰা হয়।

উক্ত কৰ্মশালাত ছাত্ৰ-ছাত্ৰী সকলক সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে পোহনীয়া জীৱ-জন্তুৰ পৰা নিজক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে সেই বিষয়ে দিহা-পৰামৰ্শ আগৱঢ়োৱা হয় । উক্ত কৰ্মশালাত বিদ্যালয় খনৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য় যে বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande