বৰপেটা, ২৬ এপ্ৰিল (হি.স.): কাশ্মীৰৰ পেহেলগামৰ ঘটনাৰ পিচতে সামাজিক মাধ্যমত একাংশ লোকে দেশবিৰোধী মন্তব্য কৰি আহিছে । দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেশবিৰোধী মন্তব্য কৰাৰ বাবে বৰপেটাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক।
বৰপেটা আৰক্ষীয়ে যোৱাকালি শুকুৰবাৰে সন্ধিয়া পুনৰ এজনক আটক কৰে পাকিস্তানৰ সমৰ্থনকাৰী । বৰপেটা থানাৰ অন্তৰ্গত পাকাবেতবাৰী পাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জাৰিফ আলী ওৰফে চৰিফ সিং নামৰ যুৱকজনক । পাকিস্তানৰ সমৰ্থনত ফেচবুকত মন্তব্য কৰি আটক বৰপেটাৰ পাকাবেটবাৰী পাম গাঁৱৰ চৰিফ সিং । জানিব পৰা মতে পাকাবেটবাৰী পামৰ ৰহিমউদ্দীনৰ পুত্ৰ জাৰিফ আলী ওৰফে চৰিফ সিং । এইজন চৰিফ সিং নামৰ যুৱকে পাকিস্তানৰ সমৰ্থনত ফেচবুকত মন্তব্য কৰিছিল । পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ পিছতে বৰপেটা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰপেটা আৰক্ষীৰ এটি দলে আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি বৰপেটা আৰক্ষীৰ থানত চৰিফ সিঙক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ