ভাৰতে শাসন, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে বিজ্ঞান ভৱনত জনসেৱকসকলক সম্বোধন কৰি কয় যে আজি ভাৰতে শাসন ব্যৱস্থা, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই উপলক্ষে প্ৰধানমন্
ভাৰতে শাসন, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে বিজ্ঞান ভৱনত জনসেৱকসকলক সম্বোধন কৰি কয় যে আজি ভাৰতে শাসন ব্যৱস্থা, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতত বিনিয়োগ কৰিবলৈ উৎফুল্লিত আৰু এই সুযোগ যাতে আমি হেৰুৱাব নোৱাৰো সেয়া আমাৰ কাম। আমি নিশ্চিত কৰিব লাগিব যে ব্লক আৰু জিলা পৰ্যায়ত কোনো ধৰণৰ ৰেড টেপ নাথাকে, তেতিয়াহে আমি আমাৰ লক্ষ্যত উপনীত হ’ব পাৰিম। বিগত ১০ বছৰত দেশৰ সফলতাই উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিছে। আঁচনিসমূহে জনসাধাৰণৰ ওচৰলৈ কিমান গভীৰতালৈ যায় আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰকৃত প্ৰভাৱ কিমান তাৰ ওপৰত নিৰ্ভৰ কৰে শাসন ব্যৱস্থাৰ মানদণ্ড। আমি বিভিন্ন জিলাত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাইছো, বিদ্যালয়ৰ উপস্থিতি উন্নত কৰাৰ পৰা আৰম্ভ কৰি সৌৰশক্তি গ্ৰহণলৈকে, বহু জিলাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু কেইবাখনো জিলাই তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ লোকসেৱা দিৱসক বিশেষ আখ্যা দি কয় যে এইবাৰ সংবিধানৰ ৭৫তম বছৰ আৰু লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী। লগতে এইবাৰৰ অসামৰিক সেৱা দিৱসৰ বিষয়টো ভাৰতৰ সামগ্ৰিক উন্নয়ন হিচাপে সিদ্ধান্ত লোৱাত সুখ প্ৰকাশ কৰি কয় যে ই কেৱল এটা বিষয়বস্তু নহয়, ই জাতিটোৰ প্ৰতি আমাৰ দায়বদ্ধতা। সামগ্ৰিক বিকাশৰ অৰ্থ হ’ল কোনো পৰিয়াল, নাগৰিক বা গাঁও পিছ পৰি নাথাকে। প্ৰকৃত অগ্ৰগতি সৰু সৰু পৰিৱৰ্তন নহয়, বৰঞ্চ বৃহৎ পৰিসৰৰ, অৰ্থপূৰ্ণ প্ৰভাৱৰ কথা। প্ৰতিটো ঘৰতে বিশুদ্ধ পানী থাকিব লাগে আৰু প্ৰতিটো শিশুৱে গুণগত শিক্ষাৰ সুবিধা লাভ কৰিব লাগে।

লালকিল্লাৰ পৰা দিয়া ভাষণ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক হাজাৰ বছৰৰ বাবে আজিৰ ভাৰতে ভেটি সুদৃঢ় কৰিব লাগিব। এটা হিচাপত হাজাৰ বছৰীয়া সহস্ৰাব্দৰ প্ৰথম ২৫ বছৰ ইতিমধ্যে পাৰ হৈ গৈছে। এইটো নতুন শতিকাৰ ২৫ বছৰ আৰু লগতে নতুন সহস্ৰাব্দৰ ২৫ বছৰ। আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে আগন্তুক হাজাৰ বছৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ গৈ আছে। আমাৰ উন্নত ভাৰতৰ সপোন পূৰণ কৰিবলৈ উন্নয়নৰ ৰথৰ প্ৰতিটো চকা একেলগে কাম কৰিব লাগিব আৰু আমি আমাৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আমি এনে এখন পৃথিৱীত বাস কৰিছো যিখন পৃথিৱী দ্ৰুতগতিত পৰিৱৰ্তিত হৈ আছে। আমাৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু নীতি নিৰ্ধাৰকসকলে পুৰণি ব্যৱস্থাৰ ওপৰত কাম কৰিব নোৱাৰে। এই কাৰণেই ২০১৪ চনৰ পৰাই ব্যৱস্থাগত পৰিৱৰ্তন সক্ৰিয়ভাৱে চলোৱা হৈছে। আমি নিজকে অতি দ্ৰুতগতিত সলনি কৰি আছো। ভাৰতৰ উচ্চাকাংক্ষী সমাজ - যুৱক-যুৱতী হওক, কৃষক হওক বা মহিলাই হওক - অভূতপূৰ্ব সপোন আৰু উচ্চাকাংক্ষা আছে। এই আকাংক্ষাসমূহ বাস্তৱায়িত কৰিবলৈ আমিও সমানেই অভূতপূৰ্ব গতিৰে আগবাঢ়িব লাগিব।

এই উপলক্ষে কেন্দ্ৰীয় কৰ্মচাৰী, জনঅভিযোগ আৰু পেঞ্চন মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয় যে ২০১৪ চনত চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে আমাক সৰ্বোচ্চ শাসন, নূন্যতম চৰকাৰৰ মন্ত্ৰ দিছিল। বছৰ বছৰ ধৰি আমি প্ৰযুক্তি ব্যৱহাৰ কৰি এইখিনি লাভ কৰিবলৈ চেষ্টা কৰি আহিছো।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande