বিশ্বই পোপ ফ্ৰান্সিছক মমতা, নম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে স্মৰণ কৰিব: প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কেথলিক খ্ৰীষ্টান নেতা পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয় যে পোপ ফ্ৰান্সিছক সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে দয়া, নম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে সদায় স্মৰণ কৰি থ
পোপ ফ্ৰান্সিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ ফাইল ফটো


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কেথলিক খ্ৰীষ্টান নেতা পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয় যে পোপ ফ্ৰান্সিছক সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে দয়া, নম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে সদায় স্মৰণ কৰি থাকিব।

পোপ ফ্ৰান্সিছৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো শ্বেয়াৰ কৰি পিএম মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘পৰম পুজ্য পোপ ফ্ৰান্সিছৰ মৃত্যুত মই গভীৰভাৱে দুখী হৈছো। এই শোক আৰু স্মৃতিৰ সময়ত বিশ্ব কেথলিক সমাজলৈ মোৰ আন্তৰিক সমবেদনা জনাইছোঁ। পোপ ফ্ৰান্সিছক সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে দয়া, নম্ৰতা আৰু আধ্যাত্মিক সাহসৰ প্ৰতীক হিচাপে সদায় মনত ৰাখিব। কম বয়সতেই তেওঁ প্ৰভু যীচু খ্ৰীষ্টৰ আদৰ্শ বাস্তৱায়িত কৰিবলৈ নিজকে উৎসৰ্গা কৰিছিল। তেওঁ দৰিদ্ৰ আৰু বঞ্চিত সকলৰ আন্তৰিকতাৰে সেৱা কৰিছিল। যিসকল লোক পীড়িত আছিল, তেওঁলোকৰ বাবে তেওঁ আশাৰ কিৰণ জগাইছিল।’

তেওঁ আৰু লিখিছে, তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা মনত পেলাইছো আৰু সৰ্বাংগীন আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ পৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিলো। ভাৰতবাসীৰ প্ৰতি তেওঁৰ মৰম সদায় লালন-পালন কৰা হ'ব। তেওঁৰ আত্মাই ঈশ্বৰৰ চৰণত শান্তি লাভ কৰক।

উল্লেখযোগ্য যে সোমবাৰে পোপ ফ্ৰান্সিছৰ ভেটিকানৰ কাছা চান্টা মাৰ্টাস্থিত নিজ বাসগৃহত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮৮ বছৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande