বক্স অফিচত জিলিকিছে ‘কেছাৰী অধ্যায় ২’, তৃতীয় দিনা বাঢ়িছে ছবিৰ উপাৰ্জন
যোৱা ১৮ এপ্ৰিল শুকুৰবাৰে মুক্তি লাভ কৰা জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত ‘কেছাৰী অধ্যায়-২’ ছবিখনে অক্ষয় কুমাৰ, আৰ মাধৱন আৰু অনন্যা পাণ্ডে অভিনীত এই ছবিখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে । এতিয়া ছবিখনৰ তৃতীয় দিনাৰ সংকলন ওলাইছে। যদি আমি পৰ্য
বক্স অফিচত জিলিকিছে ‘কেছাৰী অধ্যায় ২’


যোৱা ১৮ এপ্ৰিল শুকুৰবাৰে মুক্তি লাভ কৰা জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত ‘কেছাৰী অধ্যায়-২’ ছবিখনে অক্ষয় কুমাৰ, আৰ মাধৱন আৰু অনন্যা পাণ্ডে অভিনীত এই ছবিখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে । এতিয়া ছবিখনৰ তৃতীয় দিনাৰ সংকলন ওলাইছে। যদি আমি পৰ্যবেক্ষণ কৰোঁ তেন্তে তৃতীয় দিনটোত ছবিখনৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে।

অক্ষয় কুমাৰৰ ছবি ‘কেছাৰী-২’ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত ৭.৮৪ কোটি টকা উপাৰ্জন কৰাৰ লগতে দ্বিতীয় দিনা ১০.০৮ কোটি টকাৰ ব্যৱসায় কৰে। এতিয়া তৃতীয় দিনতো ছবিখনে বক্স অফিচত নিজৰ স্থান দখল কৰিছে। তৃতীয় দিনা ‘কেছাৰী-২’ ছবিখনে ১২.২৫ কোটি টকা উপাৰ্জন কৰিছে। এনেদৰে ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ৩০.৮৯ কোটি টকা।

১৯১৯ চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ পিছত ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে আদালতত যুঁজ দিয়া বেৰিষ্টাৰ চি. শংকৰন নাইৰৰ জীৱনৰ ওপৰত আধাৰিত। ছবিখনত নায়াৰৰ চৰিত্ৰত অক্ষয় অভিনয় কৰাৰ বিপৰীতে আৰ মাধৱনে এজন ব্ৰিটিছ উকীলৰ চৰিত্ৰত অভিনয় কৰিছে। দিলৰিত গিলৰ চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই। ‘কেছাৰী-২’ ছবিখনৰ পৰিচালনা কৰিছে কৰণ সিং ত্যাগীয়ে। এইখন ধৰ্ম প্ৰডাকচনৰ প্ৰডাকচন।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande