বিজাপুৰ/ৰায়পুৰ, ২১ এপ্ৰিল (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰত সোমবাৰে আই ই ডি বিস্ফোৰণত শ্বহীদ হ’ল এজন জোৱান। ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ ১৯ নং বেটেলিয়নৰ জোৱান মনোজ পূজাৰী (২৬ বছৰ) টয়নাৰ-ফাৰ্চেগাড পথ নিৰ্মাণ স্থানত নিৰাপত্তাৰ দায়িত্বত আছিল।
বিজাপুৰৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি, মনোজ পূজাৰী পথ সুৰক্ষা অভিযানৰ কৰ্তব্যত আছিল। টয়নাৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত ফাৰ্ছেগাড অভিমুখে মৰমেড বনাঞ্চলত এই ঘটনা সংঘটিত হৈছে। তেওঁ কয় যে এই বিস্ফোৰণ সংঘটিত হৈছিল যেতিয়া জোৱানৰ দলটোৱে পথ নিৰ্মাণস্থলীৰ ফালে টহল দি আছিল। বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে জোৱানজনৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হয়। অঞ্চলটোত চলি আছে নিবিড় অনুসন্ধান অভিযান। এই অভিযান সম্পূর্ণ হোৱাৰ পাছত এই অভিযানৰ বিশদ প্রতিবেদন প্রকাশ কৰা হ’ব বুলি প্রশাসনে উল্লেখ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া