বক্স অফিচত ‘জাত’ৰ চমক অব্যাহত, অষ্টম দিনত ৪ কোটি টকা উপাৰ্জন
অভিনেতা ছানী দেউলৰ ছবি ‘জাত’ ১০ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনক লৈ দৰ্শক আৰু প্ৰযোজকৰ মাজত উৎসাহৰ সৃষ্টি হৈছিল যদিও বক্স অফিচত ইয়াৰ গতি অলপ লেহেমীয়া আছিল। যদিও ‘জাত’ৰ বাজেটৰ আধা উপাৰ্জন হৈছে, কিন্তু এতিয়া লাহে লাহে দৰ্শকৰ আগ্ৰহ কমি অহা দ
বক্স অফিচত ‘জাত’ৰ চমক অব্যাহত


অভিনেতা ছানী দেউলৰ ছবি ‘জাত’ ১০ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনক লৈ দৰ্শক আৰু প্ৰযোজকৰ মাজত উৎসাহৰ সৃষ্টি হৈছিল যদিও বক্স অফিচত ইয়াৰ গতি অলপ লেহেমীয়া আছিল। যদিও ‘জাত’ৰ বাজেটৰ আধা উপাৰ্জন হৈছে, কিন্তু এতিয়া লাহে লাহে দৰ্শকৰ আগ্ৰহ কমি অহা দেখা গৈছে। এতিয়া মুক্তিৰ অষ্টম দিনৰ উপাৰ্জন ওলাইছে।

বক্স অফিচ ট্ৰেকাৰ সাকনিলকৰ প্ৰতিবেদন অনুসৰি ছানী দেউলৰ ছবি ‘জাত’ মুক্তিৰ অষ্টম দিনটোত ৪ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে ছবিখনৰ বক্স অফিচৰ মুঠ সংগ্ৰহ এতিয়া ৬১.৫০ কোটি টকা হৈছেগৈ। এই ছবিখনৰ পৰিচালক দক্ষিণৰ বিখ্যাত পৰিচালক গোপিচন্দ মালিনেনী। ইয়াত ছানী দেউলক শক্তিশালী চৰিত্ৰত দেখা গৈছে, আনহাতে ৰনদীপ হুদাই খলনায়কৰ চৰিত্ৰত শক্তিশালী ছাপ পেলোৱা দেখা গৈছে। ৰনদীপৰ এই অভিনয়ক অতিশয় শলাগ লোৱা হৈছে। লগতে বিনীত কুমাৰ সিঙে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

শেহতীয়াকৈ ছানী দেউলে নিজৰ ছবি ‘জাট’ৰ ছিকুৱেল ঘোষণা কৰাৰ সময়ত ছ’চিয়েল মিডিয়াত লিখিছে, জাট নিজৰ নতুন মিছনত ওলাইছে। 'জাট ২'ৰ বাবে সাজু হওক। এতিয়ালৈকে ‘জাত’ই ছলমান খানৰ ছবি ‘চিকান্দৰ’ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিখন ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছিল। এতিয়া অক্ষয় কুমাৰে ছানী দেউলৰ ছবিখনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ খেলপথাৰলৈ আহিছে। তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘কেছাৰী: অধ্যায় ২’ এতিয়া ছবিগৃহত মুক্তি লাভ কৰি বক্স অফিচত নতুন সংঘৰ্ষ আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande