বিবেক অগ্নিহোত্ৰীৰ ‘দ্য দিল্লী ফাইলছ’ৰ মুক্তি স্থগিত
চোকা আৰু স্পষ্টবাদী বক্তব্যৰ বাবে বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আগন্তুক ছবি ‘দ্য দিল্লী ফাইলছ’ৰ শিৰোনাম। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ আগষ্টত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে। বিবেক অগ্নিহোত্ৰীয়ে নিজেই এই
বিবেক অগ্নিহোত্ৰীৰ ‘দ্য দিল্লী ফাইলছ’


চোকা আৰু স্পষ্টবাদী বক্তব্যৰ বাবে বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আগন্তুক ছবি ‘দ্য দিল্লী ফাইলছ’ৰ শিৰোনাম। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ আগষ্টত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে। বিবেক অগ্নিহোত্ৰীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়াত দিছে।

বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘দ্য দিল্লী ফাইলছ’ মুক্তিৰ সন্দৰ্ভত এক নতুন আপডেট শ্বেয়াৰ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে ছবিখন এতিয়াও ২০২৫ চনৰ আগষ্ট মাহত মুক্তি পাব, কিন্তু পূৰ্বে ঘোষণা কৰা ১৫ আগষ্টৰ তাৰিখত নহয়। এই পৰিৱৰ্তনৰ লগে লগে পূৰ্বতে ১৫ আগষ্টত মুক্তি পাবলগীয়া হৃতিক ৰোশনৰ ‘ৱাৰ ২’ আৰু ৰজনীকান্তৰ ‘কুলি’ৰ দৰে ডাঙৰ ছবিৰ সৈতে আৰু প্ৰত্যক্ষ প্ৰতিযোগিতাত নাথাকিব ‘দ্য দিল্লী ফাইলছ’।

মুক্তিৰ পলম হোৱাৰ কাৰণ সন্দৰ্ভত অগ্নিহোত্ৰীয়ে কয়, আমি অলপ পিছ পৰি ৰৈছো। ১৫ আগষ্টত ছবিখন মুক্তি পাব নোৱাৰিব। মই চেষ্টা কৰিছো যে ইয়াক বেছি পলম নহয়। চাওঁ কি হয়। লগতে তেওঁ আশ্বাস দিয়ে যে ছবিখনে আমাক বেছি সময় অপেক্ষা কৰিবলৈ বাধ্য নকৰে আৰু দৰ্শকে অতি সোনকালে ইয়াৰ নতুন মুক্তিৰ তাৰিখৰ ঘোষণা লাভ কৰিব। বিবেক অগ্নিহোত্ৰীয়ে আৰু কয়, যদি আমাৰ ছবিখন ভাল হয়, তেন্তে আমি যিকোনো তাৰিখতে মুক্তি দিব পাৰো, ই কাম কৰিব। ইয়াৰ কোনো পাৰ্থক্য নাই। তাৰিখটো গুৰুত্বপূৰ্ণ নহয়, ছবিখন গুৰুত্বপূৰ্ণ। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ বাবে ছবিখনৰ গুণগত মানহে আটাইতকৈ গুৰুত্বপূৰ্ণ, মুক্তিৰ তাৰিখ নহয়।

আচলতে ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু ‘দ্য ভেকচিন ৱাৰ’ৰ দৰে জনপ্ৰিয় ছবিৰ পিছত বিবেক অগ্নিহোত্ৰীয়ে এতিয়া লৈ আহিছে ‘দ্য দিল্লী ফাইলছ - দ্য বংগ অধ্যায়’। এই ছবিখনো এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মিত আৰু ইয়াৰ শ্বুটিং সম্পূৰ্ণ হৈছে। অভিষেক আগৰৱালা আৰু পল্লৱ যোশীয়ে প্ৰযোজনা কৰিছে ছবিখন।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande