শ্ৰীদেৱীৰ মৃত্যুৰ কাৰণ ‘আকস্মিকভাৱে ডুব যোৱা’ বুলি অভিহিত স্বামী বনী কাপুৰৰ
চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ চনত ডুবাইৰ এখন হোটেলত মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ বাথটাবত উদ্ধাৰ হয়। সেই সময়ত তেওঁৰ সৈতে তেওঁৰ স্বামী বনী কাপুৰো তাত উপস্থিত আছিল। এই অভাৱনীয় ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল আৰু তেওঁৰ মৃত্যুক লৈ
শ্ৰীদেৱী–বনী কাপুৰ


চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ চনত ডুবাইৰ এখন হোটেলত মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ বাথটাবত উদ্ধাৰ হয়। সেই সময়ত তেওঁৰ সৈতে তেওঁৰ স্বামী বনী কাপুৰো তাত উপস্থিত আছিল। এই অভাৱনীয় ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল আৰু তেওঁৰ মৃত্যুক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। আনকি একাংশ লোকে বনী কাপুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল যদিও পিছত চিকিৎসা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে শ্ৰীদেৱীৰ মৃত্যু ‘আকস্মিকভাৱে ডুব যোৱা’ৰ বাবেই হৈছে।

শেহতীয়া এক সাক্ষাৎকাৰত বনী কাপুৰে শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰকাশ কৰে। তেওঁ ক’লে যে শ্ৰীদেৱীয়ে অতি কম খাদ্য গ্ৰহণ (ডাইট) কৰি আছিল আৰু অনবৰতে মূৰ ঘূৰোৱাৰ অভিযোগ কৰি আছিল। ব’নীয়ে কয় যে শ্ৰীদেৱীৰ এই অভ্যাসটোক লৈ তেওঁ চিন্তিত, কাৰণ দুৰ্বলতা আৰু পানীলগাৰ বাবে হঠাতে অজ্ঞান হৈ পৰাৰ আশংকা থাকে।

বনী কাপুৰে কয়, তাইৰ প্ৰায়ে ভোক লাগিছিল। তাইৰ খাদ্যত নিমখ দিয়াটো বন্ধ কৰি দিছিল। তাই স্ক্ৰীণত ভাল দেখাবলৈ ক্ৰেচ ডায়েট কৰিছিল। আমাৰ বিয়াৰ পিছৰে পৰা তাইৰ প্ৰায়ে মূৰ ঘূৰোৱা হৈছিল। ডাক্তৰে তাইক সদায় কৈছিল যে তাইৰ বি পি কম। দুৰ্ভাগ্যজনকভাৱে তাই ইয়াক গুৰুত্বসহকাৰে লোৱা নাছিল। এই ঘটনাৰ পিছত যেতিয়া নাগাৰ্জুন আমাৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁও আমাক কৈছিল যে শ্ৰীদেৱীয়ে তেওঁৰ সৈতে ছবি কৰাৰ সময়তো ক্ৰেশ ডাইটত আছিল। তাৰ পিছত তাইৰ মূৰ ঘূৰোৱা যেন লাগিল আৰু বাথৰুমত পৰি তাইৰ দাঁত ভাঙি গ'ল।

বনি কাপুৰে কয়, শ্ৰীদেৱীৰ মৃত্যুৰ পিছত মোক ২-৩ দিন জেৰা কৰা হৈছিল কাৰণ ভাৰতীয় সংবাদ মাধ্যমৰ মোৰ ওপৰত বহুত হেঁচা আছিল। মই লাই ডিটেক্টৰ টেষ্ট কৰিছিলো আৰু তাৰ পিছত আৰক্ষীৰ পৰা ক্লীন চিট পাইছিলো। শ্ৰীদেৱীৰ মৃত্যু এক দুৰ্ঘটনা আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande