কলকাতা, ১৫ এপ্ৰিল (হি.স.)। ৱাকফ সংশোধনী আইনৰ বিৰোধিতাত বিশ্ব হিন্দু পৰিষদে পশ্চিম বংগৰ একাংশ অঞ্চলত হিন্দুৰ ওপৰত কৰা আক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। মঙলবাৰে ভিএইচপিয়ে এই আক্ৰমণসমূহ শীঘ্ৰে বন্ধ কৰাৰ লগতে ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।
শিলিগুৰিত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভিএইচপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক মিলিন্দ পাৰাণ্ডে মমতা বেনাৰ্জী চৰকাৰৰ দুজন মন্ত্ৰী ফিৰহাদ হাকিম আৰু ছিদ্দিকুল্লা চৌধুৰীৰ বক্তব্যক “উচতনিমূলক আৰু সংবেদনহীন” বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে মুৰ্ছিদাবাদ জিলাৰ ধুলীয়ান অঞ্চলৰ বহু বাঙালী হিন্দুৱে নিজৰ জীৱন ৰক্ষাৰ বাবে ওচৰৰ মালদা জিলাত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল। এই ঘটনাক তেওঁ জম্মু-কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ পলায়নৰ সৈতে তুলনা কৰিছিল।
ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত শিলিগুৰি বা ৰাজ্যৰ অন্যান্য প্ৰান্তত যাতে আইন-শৃংখলাৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটে তাৰ বাবে ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে বুলি ভিএইচপি নেতাগৰাকীয়ে কয়। চৰকাৰে হিংসা বন্ধ কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগিব, ভুক্তভোগীক নিৰাপত্তা আৰু ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব, আক্ৰমণকাৰী আৰু উচটনি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
মন্ত্ৰী ছিদ্দিকুল্লাহ চৌধুৰীৰ বক্তব্যক পাৰাণ্ডে উত্তেজক বুলি অভিহিত কৰে, য’ত তেওঁ কৈছিল যে ৱাকফ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰথমে জিলাসমূহলৈ আৰু তাৰ পিছত কলকাতালৈ বিয়পি পৰিব। এই বক্তব্যক লৈ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভিএইচপি নেতাই। মুৰ্ছিদাবাদৰ ধুলিয়ান, ছুটি আৰু শ্বামশ্বেৰগঞ্জত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণৰ দায়িত্বৰ পৰা তৃণমূলৰ নেতাক সাৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ কয়। ৰাজ্যৰ একাংশ স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ দাবী উত্থাপন কৰে।
বাংলা নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাই পাৰাণ্ডে কয় যে পশ্চিম বংগত শান্তি, শৃংখলা আৰু আইন প্ৰতিষ্ঠা হ’ব লাগে। ৱাকফ আন্দোলনৰ নামত হিন্দুৰ জীৱন আৰু সম্পত্তিৰ ওপৰত জেহাদী আক্ৰমণ বন্ধ কৰিব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া