নগাঁও, ১৫ এপ্ৰিল (হি.স.)। অহা ১৫ মে' পৰা ১৮ মে' লৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা নগাঁৱৰ সৰুদৈচিলা বিহু উৎসৱৰ লাইখুটা স্থাপন ।
নগাঁও জিলাৰ ধিঙৰ পশ্চিমাঞ্চলৰ নিজ ধিঙত অহা ১৫ মে' পৰা ১৮ মে' লৈ চাৰিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা সৰুদৈচিলা বিহু উৎসৱ ৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে ।
অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।অনুষ্ঠানৰ শেষৰ দিনা জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমনি নাথে গীত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু