ঈদৰ দিনা ছলমান খানৰ বিশেষ ষ্টাইল, বেলকনিৰ পৰা অনুৰাগীক সম্ভাষণ
ছলমান খানে সদায় নিজৰ ছবিৰ ৰূপত অনুৰাগীক ঈদি দিয়ে। প্ৰতি বছৰৰ দৰেই এইবাৰো ছুপাৰষ্টাৰগৰাকীয়ে বান্দ্ৰাৰ তেওঁৰ গেলাক্সি এপাৰ্টমেণ্টৰ বেলকনিৰ পৰা অনুৰাগীসকলক শুভেচ্ছা জনায়। তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ ছবিগৃহত মুক্তি লাভ কৰে ৩০ মাৰ্চত। এই ছ
ঈদৰ দিনা ছলমান খানৰ বিশেষ ষ্টাইল, বেলকনিৰ পৰা অনুৰাগীক সম্ভাষণ


ছলমান খানে সদায় নিজৰ ছবিৰ ৰূপত অনুৰাগীক ঈদি দিয়ে। প্ৰতি বছৰৰ দৰেই এইবাৰো ছুপাৰষ্টাৰগৰাকীয়ে বান্দ্ৰাৰ তেওঁৰ গেলাক্সি এপাৰ্টমেণ্টৰ বেলকনিৰ পৰা অনুৰাগীসকলক শুভেচ্ছা জনায়। তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ ছবিগৃহত মুক্তি লাভ কৰে ৩০ মাৰ্চত। এই ছবিখনত ছলমানৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে ৰশ্মিকা মাণ্ডন্নাক।

সোমবাৰে সন্ধিয়া ছলমানক প্ৰত্যক্ষ কৰিবলৈ তেওঁৰ ঘৰৰ বাহিৰত বিপুল জনসমাগম হয়। অভিনেতাগৰাকীয়ে ক্লাছিক বগা পাঠানী পিন্ধি উপস্থিত হৈ সকলোকে হাত জোকাৰি সম্ভাষণ জনোৱাৰ লগে লগে অনুৰাগীৰ আনন্দ দুগুণ বাঢ়ি গ’ল। বেলকনিত ছলমানৰ ভতিজা আহিল শৰ্মা আৰু ভতিজী আয়ত শৰ্মাও উপস্থিত আছিল। এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে আয়তৰ সৈতে কথা পাতি থকা দেখা গৈছে।

ছলমান খানৰ বেলকনিৰ পৰা লোৱা ফটো আৰু ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ছলমান খানে বুলেটপ্ৰুফ গ্লাছৰ আঁৰৰ পৰা মানুহক ঈদ মুবাৰক শুভেচ্ছা জনায়। অনুৰাগীয়ে তেওঁৰ ষ্টাইলৰ বহুত প্ৰশংসা কৰিছে। ছলমান খানে প্ৰতি বছৰে ঈদৰ দিনা অনুৰাগীক লগ পোৱাৰ পৰম্পৰা অনুসৰণ কৰি আহিছে আৰু এই ধাৰা এই বছৰো অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande