-কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ পোষ্টত প্ৰধানমন্ত্ৰীৰ উত্তৰ
নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তি খণ্ডত বহনক্ষমতা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ যাত্ৰাত পাৰমাণৱিক শক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে দিয়া অন্তৰ্দৃষ্টিসম্পন্ন মন্তব্যৰ শলাগ লয়। এক্সত ড০ সিঙে দিয়া এটা পোষ্টৰ উত্তৰত তেওঁ কয় যে ভাৰতৰ বহনক্ষম আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতৰ সন্ধানত পাৰমাণৱিক শক্তি কেনেদৰে এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে সেই বিষয়ে জিতেন্দ্ৰ সিঙে বিশদভাৱে কৈছে।
কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে নিজৰ প্ৰবন্ধত লিখিছে যে এইবাৰৰ কেন্দ্ৰীয় বাজেটৰ বিশেষ কথাটো আছিল যে চৰকাৰে পাৰমাণৱিক শক্তি খণ্ড ব্যক্তিগত কোম্পানীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰম্পৰিক পদ্ধতিৰ আঁতৰত সিদ্ধান্ত লোৱাৰ বাবেই এয়া সম্ভৱ হৈছিল। আজি ভাৰতৰ পাৰমাণৱিক পৰিস্থিতি সলনি হৈছে। ২০১৩–১৪ চনত মাত্ৰ ৪,৭৮০ মেগাৱাটৰ পৰা ২৪টা কাৰ্যকৰী ৰিয়েক্টৰত বিস্তৃত পাৰমাণৱিক ক্ষমতা ৭০ শতাংশতকৈ অধিক বৃদ্ধি পাই ৮,১৮০ মেগাৱাট হৈছে। এই উদ্যোগসমূহৰ পৰা বাৰ্ষিক শক্তি উৎপাদন ২০১৩–১৪ চনত ৩৪,২২৮ মিলিয়ন ইউনিটৰ পৰা ২০২৩–২৪ চনত ৪৭,৯৭১ মিলিয়ন ইউনিটলৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান ভাৰতৰ বিদ্যুৎ উৎপাদনত পাৰমাণৱিক শক্তিৰ অৰিহণা প্ৰায় ৩ শতাংশ হ’লেও এই সংখ্যা যথেষ্ট বৃদ্ধি পাব আৰু কাৰ্যকৰীকৰণৰ বিভিন্ন পৰ্যায়ত থকা ২১টা ৰিয়েক্টৰৰ মুঠ ক্ষমতা ১৫,৩০০ মেগাৱাট।
ড০ সিঙে লিখিছে যে কেৱল সামৰ্থ্য সম্প্ৰসাৰণৰ পৰা থলুৱা প্ৰযুক্তিৰ বিকাশৰ দিশলৈ মনোযোগ স্থানান্তৰিত হৈছে। ২০২৩-২৪ চনত গুজৰাটৰ কাকৰাপাৰত ভাৰতৰ প্ৰথমটো থলুৱা ৭০০ মেগাৱাট চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পি এইচ ডব্লিউ আৰ)ৰ সফল কাৰ্যক্ষমতা আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। দেশখনে পাৰমাণৱিক ইন্ধন চক্ৰৰ ক্ষমতাৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে, ২০২৪ চনত প্ৰ’ট’টাইপ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰে (পিএফবিআৰ) প্ৰাথমিক ছডিয়াম ভৰোৱা আৰু ছডিয়াম পাম্প কাৰ্যক্ষম কৰাকে ধৰি মূল মাইলৰ খুঁটিসমূহ অৰ্জন কৰিছে।
দেশখনে পি এইচ ডব্লিউ আৰৰ ডিজাইন আৰু নিৰ্মাণত আয়ত্ত কৰিছে। ৫০০ মেগাৱাট প্ৰট’টাইপ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ প্ৰযুক্তি ড্ৰয়িং ব’ৰ্ডৰ পৰা বাস্তৱলৈ গতি কৰিছে। ভাৰতৰ এই দ্বিতীয় পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচী গুৰুত্বপূৰ্ণ কাৰণ ই ইন্ধন ব্যৱহাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে বাজেটত ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ (এছএমআৰ) গৱেষণা আৰু উন্নয়নৰ বাবে ২০,০০০ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো ২০৩৩ চনৰ ভিতৰত কমেও পাঁচটা থলুৱাভাৱে ডিজাইন কৰা কাৰ্য্যকৰী এছএমআৰ প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে উন্নত ভাৰতৰ বাবে পাৰমাণৱিক শক্তি অভিযান আৰম্ভ কৰা হৈছে, যাৰ লক্ষ্য হৈছে ঘৰুৱা সামৰ্থ্য বৃদ্ধি।
তেওঁ লিখিছে যে বিশেষকৈ ৰাছিয়া, ফ্ৰান্স আৰু আমেৰিকাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পুনৰ শক্তিশালী হৈছে। অন্ধ্ৰ প্ৰদেশৰ ক’ভাদাত আমেৰিকাৰ সহযোগত ১২০৮ মেগাৱাটৰ ছটা পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰে নীতিগত অনুমোদন দিছে। ইয়াৰ উপৰিও এটা গুৰুত্বপূৰ্ণ উন্নয়ন হৈছে ভাৰতীয় পাৰমাণৱিক শক্তি নিগম লিমিটেড (এনপিচিআইএল) আৰু ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (এনটিপিচি)ৰ মাজত অংশীদাৰিত্ব, যিয়ে অশ্বিনী নামৰ যৌথ উদ্যোগ গঠন কৰি পাৰমাণৱিক শক্তিৰ সুবিধাসমূহ গঢ়ি তুলিছে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুবিধাৰ বাবে পাৰমাণৱিক শক্তি আইন আৰু পাৰমাণৱিক ক্ষতিৰ বাবে নাগৰিক দায়বদ্ধতা আইন সংশোধনীৰ কথা বিবেচনা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া