অৰুণাচল প্ৰদেশত ৩.৫ প্ৰাবল্যৰ মৃদু ভূমিকম্পৰ জোকাৰণি
ইটানগৰ, ৩১ মাৰ্চ (হি.স.)। চীন আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ-পূব ৰাজ্য অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সোমবাৰে দিনৰ ২.৩৮ বজাত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৫ জুখিছিল। অৱশ্যে ভূমিকম্পৰ
অৰুণাচলত ভূঁইকঁপ


ইটানগৰ, ৩১ মাৰ্চ (হি.স.)। চীন আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ-পূব ৰাজ্য অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সোমবাৰে দিনৰ ২.৩৮ বজাত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৫ জুখিছিল। অৱশ্যে ভূমিকম্পৰ ফলত কোনো ধৰণৰ হতাহতি বা অন্যান্য ক্ষতিৰ খবৰ পোৱা নাই।

ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে দিনৰ ২.৩৮ বজাত অনুভূত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু অৰুণাচল প্ৰদেশৰ শ্বি যোমি জিলাত ২৮.৮৮ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.৩৪ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল।

শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত অনুভূত হোৱা দুটাকৈ শক্তিশালী ভূমিকম্পৰ পিছত উত্তৰ-পূবৰ ৰাজ্যসমূহত মৃদু কম্পন অনুভৱ কৰা হৈছে, যাৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande