নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। এই সপ্তাহত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনাৰ মাজতে কেৰেলা কেথলিক বিচপ পৰিষদে এই বিধেয়কখনক সমৰ্থন কৰিছে। কেচিবিচিয়েও সাংসদসকলক তেওঁলোকৰ পক্ষত ভোট দিবলৈ আহ্বান জনাইছে। বিজেপিয়ে পৰিষদৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে বিধেয়কখনৰ বিৰোধীসকলৰ বাবে এয়া এক উপযুক্ত উত্তৰ।
সোমবাৰে বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই এটা পোষ্টত কয় যে যিসকলে ৱাকফ ব্যৱহাৰ কৰি মুছলমান সম্প্ৰদায়ক মেৰুকৰণ আৰু বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক কেচিবিচিয়ে স্পষ্ট ভাষাত উত্তৰ দিছে। এইটো কেতিয়াও সংখ্যালঘু বনাম সংখ্যাগৰিষ্ঠৰ বিষয় নাছিল। ৱাকফক দিয়া সীমাহীন ক্ষমতাৰ ফলত আনকি খ্ৰীষ্টান সম্প্ৰদায়ৰ মাটিও দখল কৰা হৈছে। আজি ই ভূমি দখলকাৰী আৰু দুখীয়া মুছলমানৰ মাজত এটা ইছ্যু কিন্তু যিসকলে ইয়াক হিন্দু বনাম মুছলমান বা সংখ্যাগৰিষ্ঠ বনাম সংখ্যালঘু কৰি তুলিছে তেওঁলোকে কেচিবিচিৰ পৰা উপযুক্ত উত্তৰ পাইছে।
কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে দিল্লীৰ নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে কেৰেলা কেথলিক বিচপ কাউন্সিলৰ লগতে আন বহু খ্ৰীষ্টান সংগঠনে কেৰালাৰ সাংসদসকলক ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ইয়াৰ পক্ষত ভোট দিবলৈ অনুৰোধ জনাইছে। কাৰণ কেৰালাৰ কোচিনৰ সমীপৰ মুনাম্বম নামৰ ঠাইত শ শ দৰিদ্ৰ পৰিয়ালে ৱাকফৰ পৰা মাটি জব্দ কৰাৰ ভাবুকিৰ সন্মুখীন হৈছে। এইটো এটা বিষয় যাৰ বাবে তেওঁলোকে বহু বছৰ ধৰি আন্দোলন কৰি আহিছে। এতিয়া কেৰালাৰ সাংসদসকলে নিজৰ কৰ্তব্য পালন কৰাৰ সময়, যিটো হৈছে বিপদত পৰা লোকসকলক সহায় কৰা আৰু তেওঁলোকৰ সমস্যা সমাধান কৰা, আৰু কেৱল তুষ্টিকৰণৰ ৰাজনীতি কৰা নহয়। ৱাকফ (সংশোধনী) বিধেয়ক কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। ভাৰতৰ সাংবিধানিক মূল্যবোধৰ সৈতে আইনক সংযোগ কৰাৰ কথা।
মন কৰিবলগীয়া যে কেৰালাৰ ছিৰ’-মালাবাৰ, লেটিন আৰু চিৰ’-মালংকাৰা গীৰ্জাৰ অন্তৰ্গত কেথলিক বিচপৰ এক শক্তিশালী সংগঠন কেচিবিচি। কেচিবিচিয়েও এই বিষয়ত ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত আলোচনা কৰি থকা সংসদৰ যুটীয়া সমিতিৰ সন্মুখত আবেদন দাখিল কৰিছে। মুনাম্বানৰ ভূমি বিবাদৰ পিছতে কেৰালাৰ শাসকীয় চিপিএম আৰু বিৰোধী কংগ্ৰেছে ভূমি বেদখলকাৰীৰ সমৰ্থনত ওলাই আহিছিল। বৈধ নথি-পত্ৰ থকাসকলক উচ্ছেদ কৰা নহ’ব বুলি প্ৰতিশ্ৰুতি দিছিল বিষয়াসকলে। অৱশ্যে দুয়োটা পক্ষই কেন্দ্ৰৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। অনুমান কৰা হৈছে যে ২ এপ্ৰিলত চৰকাৰে লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া