সঞ্জয় দত্তৰ হৰৰ কমেডী ছবি 'ভুতনী'ৰ ট্ৰেইলাৰ মুক্তি
আজিকালি বলীউডত বিভিন্ন বিষয়ৰ চিনেমা নিৰ্মাণ কৰা হৈছে। বিশেষকৈ হৰৰ কমেডী ছবিয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। ‘মুঞ্জ্যা’, ‘স্ত্ৰী ২’ৰ দৰে ছবিৰ সফলতা ইয়াৰ উদাহৰণ। এই ক্ৰমত এতিয়া মুক্তি পালে এখন নতুন হৰৰ কমেডী ছবি ‘ভুতনী’ৰ ৰোমাঞ্চকৰ ট্ৰেইলাৰ। এই ছ
भूतनी - फोटो सोर्स ऑनलाइन


আজিকালি বলীউডত বিভিন্ন বিষয়ৰ চিনেমা নিৰ্মাণ কৰা হৈছে। বিশেষকৈ হৰৰ কমেডী ছবিয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। ‘মুঞ্জ্যা’, ‘স্ত্ৰী ২’ৰ দৰে ছবিৰ সফলতা ইয়াৰ উদাহৰণ। এই ক্ৰমত এতিয়া মুক্তি পালে এখন নতুন হৰৰ কমেডী ছবি ‘ভুতনী’ৰ ৰোমাঞ্চকৰ ট্ৰেইলাৰ। এই ছবিখনত ছুপাৰষ্টাৰ সঞ্জয় দত্তক বিশেষ চৰিত্ৰত দেখা যাব। ট্ৰেইলাৰটোৱে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে।

'ভুতনী' চিনেমাখনৰ ট্ৰেইলাৰ

সঞ্জয় দত্তক এক শক্তিশালী অৱতাৰত দেখা গৈছে ‘ভুতনী’ ছবিখনৰ ট্ৰেইলাৰত, যিটো দৰ্শকৰ বাবে এক ডাঙৰ আকৰ্ষণ। যদিও, ট্ৰেইলাৰত ছবিখনৰ কাহিনীৰ সম্পূৰ্ণ ধাৰণা দিয়া হোৱা নাই যদিও ইয়াত দেখা অভিনেতাৰ দলটো অতি বিশেষ। সঞ্জয় দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে পলক তিৱাৰী, আছিফ খান, মৌনি ৰায় আৰু ছানী সিঙকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই ছবিখনৰ আন এক বিশেষ কথা হ’ল বিখ্যাত ছ’চিয়েল মিডিয়া তাৰকা বি ইউনিকে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। ট্ৰেইলাৰৰ পিছত ছবিখনক লৈ দৰ্শকৰ উত্তেজনা বাঢ়িছে।

অহা ১৮ এপ্ৰিলত মুক্তি পাব 'ভুতি'

অহা ১৮ এপ্ৰিলত মুক্তি পাবলৈ গৈ আছে হৰৰ কমেডী ছবি 'ভুতনূী'। ছবিখনৰ প্ৰযোজক ছ’হাম ৰকষ্টাৰ এণ্টাৰটেইনমেণ্ট আৰু থ্ৰী ডাইমেনচন মোচন পিকচাৰ্ছৰ। দীপক মুকুটৰ সৈতে এই ছবিখনৰ সহ-প্ৰযোজক স্বয়ং সঞ্জয় দত্ত। প্ৰযোজকৰ তালিকাত হুনাৰ মুকুট আৰু সঞ্জয় দত্তৰ পত্নী মন্যতা দত্তকো অন্তৰ্ভুক্ত কৰা হৈছে। মুঠৰ ওপৰত সঞ্জু বাবাৰ কমেডী অৱতাৰ দেখি সকলোৱে যে উৎসাহিত হ’ব তাত কোনো সন্দেহ নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande