হোজাই, ২২ মাৰ্চ (হি.স.): লামডিং ৰেলৱে জংচনত কালি বিয়লি বৃহৎ পৰিমাণৰ বাৰ্মিজ গৰ্জিলা জব্দ কৰা হয় ৷ ১৫৬৬৬ নামনিমুৱা মৰিয়নি গুৱাহাটী ৰেলৱে ট্ৰেইনত ৰেলৱে আৰক্ষীয়ে অভিযান চলাই ৰেলৱে আৰক্ষী আৰপিএফ আৰু চিআইবিৰ এটা বিশেষ দলে ৷
অভিযানত প্ৰায় ১৪ টা বাৰ্মিজ গৰ্জিলা কাৰ্টুন জব্দ কৰে আৰপিএফ আৰু চিআইবিৰ দলে ৷ ডিমাপুৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেলৱে আৰক্ষী৷ ৰেলৱে আৰক্ষী এই ক্ষেত্ৰত কাকো আটক কৰিব পৰা নাই ৷বৰ্তমান লামডিং ৰেলৱে আৰক্ষী আৰপিএফ আৰু চিআইবিৰ এটা বিশেষ দল তদন্ত অব্যাহত ৰখাৰ লগতে এই সন্দেহ জনক বাৰ্মিজ গৰ্জিলা চক্ৰৰ লগতে কোন কোন সৰবৰাহকাৰী জৰিত হৈ আছে প্ৰকৃত ৰেলৱে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ