নিউজিলেণ্ডৰ বেগী বলাৰ বেন ছিয়াৰ্ছ ২০২৫ চনৰ ছিজনৰ বাবে ইয়ৰ্কশ্বাৰৰ সৈতে চুক্তিবদ্ধ
লণ্ডন, ১২ মাৰ্চ (হি.স.)। নিউজিলেণ্ডৰ বেগী বলাৰ বেন ছিয়াৰ্ছে ২০২৫ চনৰ ছিজনৰ বাবে ইয়ৰ্কশ্বাৰ কাউন্টি ক্ৰিকেট ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে। হেডিংলিত ৱৰ্চেষ্টাৰশ্বাৰৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দলটোৰ দ্বিতীয়খন কাউন্টি চেম্পিয়নশ্বিপ মেচৰ পূৰ্বে তেওঁ ই
न्यूजीलैंड के तेज गेंदबाज बेन सियर्स


লণ্ডন, ১২ মাৰ্চ (হি.স.)। নিউজিলেণ্ডৰ বেগী বলাৰ বেন ছিয়াৰ্ছে ২০২৫ চনৰ ছিজনৰ বাবে ইয়ৰ্কশ্বাৰ কাউন্টি ক্ৰিকেট ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে। হেডিংলিত ৱৰ্চেষ্টাৰশ্বাৰৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দলটোৰ দ্বিতীয়খন কাউন্টি চেম্পিয়নশ্বিপ মেচৰ পূৰ্বে তেওঁ ইংলেণ্ডত উপস্থিত হ’ব। প্ৰায় ২৭ বছৰীয়া ছিয়াৰ্ছ দ্ৰুত বলিঙৰ বাবে পৰিচিত।

২০২৪ চনত ক্ৰাইষ্টচাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা একমাত্ৰ টেষ্ট মেচখনত তেওঁ ৫টা উইকেট দখল কৰিছিল, য’ত তেওঁ দ্বিতীয় ইনিংছত ৯০ ৰানত ৪ উইকেট হস্তগত কৰিছিল। তেওঁ ২০২১ চনত বাংলাদেশৰ বিৰুদ্ধে টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেক ঘটায়। বেন ছিয়াৰ্ছৰ লগতে নিউজিলেণ্ডৰ আন এজন ফাষ্ট বলাৰ উইল অ’ৰ’ৰ্ককো এইবাৰৰ টি-২০ ব্লাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ইয়ৰ্কশ্বাৰ দলত অন্তৰ্ভুক্ত কৰা হ’ব।

একে সময়তে ক্লাবটোৱে ছিয়াৰ্ছক নিউজিলেণ্ড ইয়ৰ্কশ্বাৰৰ প্ৰাক্তন খেলুৱৈ লকি ফাৰ্গুচনৰ সৈতেও তুলনা কৰিছে। নিজৰ নিৰ্বাচনক লৈ সুখ প্ৰকাশ কৰি বেন ছিয়াৰ্ছে কয় যে, মই হেডিংলিত উপনীত হৈ দলটোৰ সৈতে খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো। ক্লাবে কিছুমান ডাঙৰ চুক্তিবদ্ধ হৈছে আৰু মই ইয়াত অৰিহণা যোগাবলৈ সাজু।

তেওঁ লগতে কয়, ছিজনটো ভালদৰে আৰম্ভ কৰাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান ডাঙৰ মেচ আছে, আৰু মই দলটোক এক সুন্দৰ আৰম্ভণি দিবলৈ সম্পূৰ্ণৰূপে সাজু। ইয়ৰ্কশ্বাৰৰ মুখ্য প্ৰশিক্ষক এণ্টনি মেকগ্ৰাথে কয় যে, বেন এজন কল্পনাতীত প্ৰতিভা যিয়ে তেওঁৰ বলিংত অতিৰিক্ত বাউন্স যোগ কৰিব পাৰে। ছিজনৰ আৰম্ভণিতে তেওঁ বিপক্ষৰ বাবে ভাবুকি হ'ব পাৰে যেতিয়া পিটচসমূহ সেউজীয়া বা লেহেমীয়া হ'ব পাৰে। তেওঁ আহি তেওঁৰ সৈতে কাম কৰিবলৈ পাই মই উৎসাহিত।

ইফালে ক্লাবৰ জেনেৰেল মেনেজাৰ গেভিন হেমিল্টনে কয় যে, বেনৰ দৰে প্ৰতিভাৱান বলাৰক ক্লাবত সংযোজন কৰাটোৱে দেখুৱাইছে যে ইয়ৰ্কশ্বাইৰে সমগ্ৰ বিশ্বৰ খেলুৱৈক আকৰ্ষণ কৰি আহিছে। তেওঁ এজন ৰোমাঞ্চকৰ প্ৰতিভা আৰু এই ছিজনত দলটোৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমি এপ্ৰিল মাহত হেডিংলিত তেওঁক দেখা পাবলৈ আগ্ৰহী।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande