কাছাৰত উদ্ধাৰ ৯৮ হাজাৰ ইয়াবা টেবলেট, এজনক গ্ৰেপ্তাৰ
কাছাৰ, ১১ মাৰ্চ (হি.স.)। কাছাৰ আৰক্ষীয়ে ৯৮ হাজাৰ ইয়াবা টেবলেটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। কাছাৰ আৰক্ষী অধীক্ষক নোমল মহত্তই মঙলবাৰে জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে লক্ষীপুৰ থানা এলেকাৰ অন্তৰ্গত কাকমাৰাৰ চন্দ্ৰপুৰ দ্বিতীয় খণ্ডত
कछार में 98 हजार याबा टैबलेट के साथ गिरफ्तार आरोपित की तस्वीर।


কাছাৰ, ১১ মাৰ্চ (হি.স.)। কাছাৰ আৰক্ষীয়ে ৯৮ হাজাৰ ইয়াবা টেবলেটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। কাছাৰ আৰক্ষী অধীক্ষক নোমল মহত্তই মঙলবাৰে জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে লক্ষীপুৰ থানা এলেকাৰ অন্তৰ্গত কাকমাৰাৰ চন্দ্ৰপুৰ দ্বিতীয় খণ্ডত অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এক বিশেষ অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে আব্দুল ৰাজাক (৪৪) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ পৰা মাটিত লুকুৱাই থোৱা ৯৮ হাজাৰ সন্দেহযুক্ত ইয়াবা টেবলেট আৰু ১০টা প্লাষ্টিকৰ চাবোনৰ বাকচত ৰখা সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। জব্দ কৰা ড্ৰাগছৰ ক’লা বজাৰ মূল্য প্ৰায় ৩০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰিও আৰক্ষীয়ে অভিযুক্তৰ পৰা নগদ ৩.৫ লাখ টকাও উদ্ধাৰ কৰিছে।

উদ্ধাৰ হোৱা নিচাজাতীয় দ্ৰব্যৰ ড্ৰাগছ ধৰা পেলোৱা কিট ব্যৱহাৰ কৰি পজিটিভ পোৱা গৈছে। প্ৰাথমিক তদন্তত ইম্ফলৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি অধিক আইনী ব্যৱস্থা আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande