নাজিৰাত ড্ৰাগছ সহ আটক স্বামী-স্ত্ৰী
নাজিৰাত ড্ৰাগছ সহ আটক স্বামী-স্ত্ৰী। 
নাজিৰাত ড্ৰাগছ সহ আটক স্বামী-স্ত্ৰী


শিৱসাগৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাত যোৱা কালি দেওবাৰে নিশা ড্ৰাগছ সহ আটক হৈছে এহাল স্বামী-স্ত্ৰী। এখন চাৰিচকীয়া গাড়ীত সন্দেহ কৰি তালাচী চলাই নাজিৰা আদৰ্শ আৰক্ষীয়ে জব্দ কৰে ৯.৯৫ গ্ৰাম ব্ৰাউন ছুগাৰ | এই সন্দৰ্ভত আটক কৰে ৰাহুল গুণ আৰু মনদিকা গগৈ নামৰ পুৰুষ মহিলা হালকা | ৰাহুল আৰু মনদিকা স্বামী স্ত্ৰী | গাড়ীৰ পিছ চীটত বহি আছিল আন দুজন যুৱক | ব্ৰাউন ছুগাৰৰ লগতে উদ্ধাৰ কৰে আন কেইবাটাও খালী কন্টেইনাৰ |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande